NORTHEAST NOW (Assamese)

গুৱাহাটীত আশ্চৰ্যকৰ ঘটনা! দৃষ্টিহীন হোৱাৰ বাবেই সংগীতজ্ঞ ঋতম চাংকাকতিক উবেৰত উঠাবলৈ অস্বীকাৰ চালকৰ

April 4, 2025 2:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 4, 2025 2:34 pm

বিশিষ্ট সংগীতজ্ঞ, টেক অনুৰাগী তথা কিবৰ্ড শিক্ষক হিচাপে পৰিচিত গুৱাহাটীৰ দৃষ্টিহীন যুৱক ঋতম চাংকাকতিয়ে যোৱা ০৩ এপ্ৰিলত জিমৰ অন্তত ঘৰলৈ যাবলৈ চেষ্টা কৰাৰ সময়ত বৈষম্যৰ সন্মুখীন হয়।

View this post on Instagram

A post shared by Writam Changkakoti (@writammusic)

বহুলভাৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত তেওঁ উবেৰৰ এজন চালকৰ সৈতে হোৱা ঘটনাৰ বিষয়ে বিতংভাৱে কয়, যিজন চালকে তেওঁৰ দৃষ্টিহীনতাৰ ওপৰত ভিত্তিহীন উদ্বেগ প্ৰকাশ কৰি তেওঁক সহায় কৰিবলৈ অস্বীকাৰ কৰে।

সামাজিক মাধ্যমত তেওঁৰ সৈতে হোৱা কৰুণ ঘটনাৰ বৰ্ণনা দি আপলোড কৰা ভিডিঅ’ত কোম্পানীটোক বিশেষভাৱে সক্ষম যাত্ৰীক সহায় কৰাৰ ক্ষেত্ৰত চালকক প্ৰশিক্ষণ দিবলৈ আহ্বান জনাই এই ঘটনাক গুৱাহাটীৰ দৰে মহানগৰৰ বাবে দুখজনক আৰু গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰে।

Related News