NORTHEAST NOW (Assamese)

সাৱধান! বন্ধুত্ব-যৌনতাৰ অচিলাৰে তথ্য চুৰি: কেন্দ্ৰীয় বাহিনীক সকীয়নি চোৰাংচোৱা সংস্থাৰ

August 26, 2023 6:28 pm · এন ই নাও নিউজ, গুৱাহাটী

অনলাইন যোগে বন্ধুত্ব-যৌনতাৰ অচিলাৰে দেশৰ নিৰাপত্তা বাহিনীৰ জোৱানসকলক ফান্দত পেলাইছে শত্ৰু চক্ৰই আৰু এই ফান্দ পেলাই দেশৰ গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰা হৈছে। শত্ৰু চক্ৰৰ এই ফান্দ সন্দৰ্ভত কেন্দ্ৰীয় বাহিনীক সকীয়াই দিয়ে দেশৰ চোৰাংচোৱা সংস্থাই।

চি আৰ পি এফ, আই টি বি পি, চি আই এছ এফ, বি এছ এফৰ সকলো কৰ্মীক এতিয়াৰ পৰা ছ’চিয়েল মিডিয়াত ছবি পোষ্ট কৰা তথা ৰিল বনোৱাত বাৰণ কৰাৰ লগতে বন্ধুত্বৰ অনুৰোধৰ ক্ষেত্ৰতো সাৱধান হ’বলৈ নিৰ্দেশনা দিয়া হৈছে।

লক্ষণীয়ভাৱে, শেহতীয়াকৈ অনলাইন বন্ধুত্ব গঢ়ি ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছত এইদৰে যৌনতাৰ ফান্দত ভৰি দিয়া কেইবাটাও কাণ্ড পোহৰলৈ আহিছে। দেশখনৰ নিৰাপত্তা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ সৰবৰাহৰ গোচৰত কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে।

এনে পৰিস্থিতিতেই কেন্দ্ৰীয় বাহিনীৰ জোৱানসকলক বিশেষ সতৰ্কবাণী দিয়া হৈছে। অৰ্ধসামৰিক বাহিনীৰ লগতে আৰক্ষী জোৱানকো ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকীয়াই দিয়া হৈছে।

এই সাৱধানবানী উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জোৱানসকলক সকীয়াই দিয়া হৈছে। কোৱা হৈছে যে চি আৰ পি এফ জোৱানসকলক এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে। দিল্লী আৰক্ষীয়েও ইতিমধ্যে এই বাৰ্তা লাভ কৰিছে।

ছবি, ভিডিঅ’ৰ লগতে প্ৰৰোচনামূলক মন্তব্য পোষ্ট নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে। সমান্তৰালভাৱে কৰ্মৰ সময়ত ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাটোও নিষিদ্ধ কৰা হৈছে আৰু ইউনিফৰ্মৰ কোনো ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিব নালাগে বুলিও পৰামৰ্শ দিয়া হৈছে।

Related News