NORTHEAST NOW (Assamese)

অমিতাভ বচ্চনৰ সম্পত্তিৰ ভাগ-বতৰা; ২৮০০ কোটিৰ সম্পত্তিৰ কিমান পালে অভিষেক আৰু শ্বেতাই?

December 2, 2023 1:46 pm · এন ই নাও নিউজ, গুৱাহাটী

বচ্চন পৰিয়ালে বহুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ঐশ্বৰ্য ৰায় বচ্চন আৰু বচ্চন পৰিয়ালৰ মাজৰ দূৰত্বই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। প্ৰথমে ঐশ্বৰ্যই অমিতাভ বচ্চনৰ জন্মদিনত আৰাধ্যা আৰু অমিতাভৰ এখন ছবি পোষ্ট কৰিছিল। যিটো দেখা যায় পৰিয়ালৰ ফটোৰ পৰা ক্ৰপিং কৰা।

তাৰ পিছত আছিল ঐশ্বৰ্যৰ জন্মদিন। বচ্চন পৰিয়ালৰ বোৱাৰীৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল। বোৱাৰীৰ জন্মদিনৰ কোনো আয়োজন কৰাটো দূৰৰ কথা, জন্মদিনৰ শুভেচ্ছা এটাও নিদিলে ঐশ্বৰ্যক। অমিতাভ বচ্চন আৰু জয়া বচ্চনক নাতিনীয়েক আৰাধ্যাক শুভেচ্ছা জনোৱাও দেখা নগ’ল।

ইপিনে আকৌ বলীউদত গুঞ্জন ওলাইছে যে ঐশ্বৰ্যই ‘জলসা’ এৰি কন্যাৰ সৈতে গৈ পিতৃৰ ঘৰত আছে। এই চৰ্চাৰ মাজতে পোহৰলৈ আহিল সম্পত্তি বিভাজনৰ খবৰ।

লগতে পঢ়কঃ মোডীৰ সৈতে ছেলফি ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীৰ; ছবিৰ নাম দিলে ‘মেলোডি’! ভাইৰেল পোষ্ট

শেহতীয়াকৈ এক অনুষ্ঠানত অমিতাভে কয় যে তেওঁ নিজৰ সম্পত্তি দুটা সন্তানৰ মাজত সমানে ভাগ কৰি দিছে। আৰম্ভণিৰে পৰা তেওঁ ল’ৰা-ছোৱালীৰ মাজত কোনো পাৰ্থক্য ৰখা নাছিল। গতিকে এই ক্ষেত্ৰতো সমানে ভাগ কৰিছে।

তেওঁৰ কন্যাই প্ৰতীক্ষা বাংলোটো উপহাৰ পাইছে। এইটো হেনো বিগ বিৰ প্ৰথম সম্পত্তি। এইটো পৰিয়ালৰ সকলোৰে প্ৰিয় বাংলো। অৱশ্যে এই বাংলোটো তেওঁ জীয়েকক দিলে। বৰ্তমান যাৰ মূল্য ৫০ কোটি। ভিট্টালনগৰ সমবায় গৃহ নিৰ্মাণ সমিতিত অৱস্থিত বাংলোটো। যিটো মূলতঃ দুটা ভাগত বিভক্ত। ৬৭৪ আৰু ৮৯০.৪৭ বৰ্গমিটাৰ। শ্বেতা আৰু অভিষেক ইয়াতেই ডাঙৰ হৈছিল।

লগতে পঢ়কঃধৰ্ষণত অভিযুক্ত হ’ব পাৰেনে এগৰাকী মহিলা? বিচাৰৰ বাবে আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে

ইয়াৰ উপৰি বিগ বি-ৰত আৰু তিনিটা বাংলো আছো। অৱশ্যে কোনটো বাংলো অভিষেক বচ্চনৰ অংশত পৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু বলীউদত চলা চৰ্চা অনুসৰি অমিতাভৰ ২৮০০ কোটিৰ সম্পত্তি দুটা ভাগত বিভক্ত কৰা হৈছে। সম্পত্তিখিনি বিগ বিয়ে দুটা সন্তানৰ মাজত সমানে ভাগ কৰিছে।

Related News