NORTHEAST NOW (Assamese)

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰৰ নাছিকত অৱস্থিত বিখ্যাত ত্ৰিম্বকেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰত এক আচৰিত ঘটনা ঘটিছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে মন্দিৰৰ প্ৰায় ৬৫ ফুট গভীৰ অমৃত কুণ্ড নামৰ পানীৰ জলাশয়টো পৰিষ্কাৰ কৰাৰ সময়ত এক বৃহৎ আৱিষ্কাৰ কৰিছে। কুণ্ডটোৰ পানী শুকুৱাই বহু দশকৰ পুৰণি বোকা আঁতৰোৱাৰ পিছত ইয়াৰ তলত এটা শিলত খোদিত কৰা প্ৰাচীন শিৱলিংগ উদ্ধাৰ হৈছে। এই শিৱলিংগটো ইমান বছৰ ধৰি পানীৰ তলত আছিল যে বৰ্তমানৰ কোনো জীৱিত ভক্তই ইয়াক নিজৰ চকুৰে দেখা নাছিল, কেৱল মানুহৰ মুখতহে ইয়াৰ কথা শুনা গৈছিল।

অমৃত কুণ্ড বা অমৃতবৰ্ষিনী নামৰ এই জলাশয়টো পেছোৱা সকলৰ দিনৰ। ইয়াৰ পানী মন্দিৰৰ দৈনন্দিন পূজা আৰু অভিষেকৰ বাবে ব্যৱহাৰ কৰা হয়। এই কুণ্ডটো গোদাবৰী নদীৰ উৎস হিচাপে পৰিচিত মন্দিৰৰ বাহিৰৰ কুশাৱৰ্ত কুণ্ডতকৈ সম্পূৰ্ণ বেলেগ। যোৱা জুলাইত প্ৰত্নতাত্ত্বিক বিভাগে এই আৱিষ্কাৰৰ কথা ৰাজহুৱা কৰে আৰু জনায় যে জলাশয়টোৰ তলৰ পৰা আৱৰ্জনা আৰু বোকা পৰিষ্কাৰ কৰাৰ পিছতহে এই শিৱলিংগটো দৃশ্যমান হৈছিল।

উদ্ধাৰ হোৱা শিৱলিংগটোৰ প্ৰকৃত বয়স এতিয়াও নিশ্চিত হোৱা নাই, কিয়নো ইয়াৰ কোনো বৈজ্ঞানিক পৰীক্ষা এতিয়ালৈকে হোৱা নাই। কিন্তু অনুমান কৰা হৈছে যে এইটো কমেও ২৪০ বছৰ পুৰণি। ১৭৫৫ চনৰ পৰা ১৭৮৬ চনৰ ভিতৰত পেছোৱা বালাজী বাজি ৰাওৰ দ্বাৰা এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। যদিহে এই শিৱলিংগটো ১৬৯০ চনত ঔৰংজেৱৰ সৈন্যই ধ্বংস কৰা পুৰণি মন্দিৰটোৰ সময়ৰ হয়, তেন্তে ৩৩৫ বছৰতকৈয়ো অধিক পুৰণি পাৰে। স্থানীয় লোকসকলৰ মতে এইটো আৰু অধিক প্ৰাচীন পাৰে, কিন্তু সেয়া নিশ্চিত কৰিবলৈ পৰীক্ষাগাৰত বিশ্লেষণৰ প্ৰয়োজন ব।

প্ৰতিটো বাৰিষাত এই কুণ্ডটোত বালি আৰু বোকা জমা হৈছিল, যাৰ বাবে এই শিৱলিংগটো শতিকা ধৰি লুকাই আছিল। ত্ৰিম্বকেশ্বৰ অঞ্চলটো প্ৰাচীন আগ্নেয়গিৰিৰ লাভাৰ পৰা সৃষ্টি হোৱা কঠিন বেছল্ট শিলাৰে গঠিত। এই কঠিন শিলৰ বাবেই আৰু পানী তথা বোকাৰ তলত সুৰক্ষিত হৈ থকাৰ বাবে শিৱলিংগটোৰ কোনো ক্ষতি হোৱা নাই। পানীৰ তলত সূৰ্যৰ পোহৰ আৰু উষ্ণতাৰ সালসলনি নোহোৱাৰ বাবে ইয়াৰ আকৃতি একেবাৰে অক্ষত অৱস্থাত আছে।

স্থানীয় লোককথা অনুসৰি ঔৰংজেৱৰ আক্ৰমণৰ সময়ত শিৱলিংগটো সুৰক্ষিত কৰিবলৈ হয়তো পানীৰ তলত লুকুৱাই ৰখা হৈছিল। অৱশ্যে মন্দিৰৰ নথিত কেৱল মন্দিৰ নিৰ্মাণৰ কথাহে উল্লেখ আছে, এনে কোনো লুকাই থকা শিলৰ কথা উল্লেখ নাই। যিয়েই নহওক, প্ৰত্নতাত্ত্বিক বিভাগৰ মেচিনৰ সহায়ত পানী সিঁচা আৰু বোকা আঁতৰোৱা অহোপুৰুষাৰ্থৰ ফলত দশক দশক ধৰি লুকাই থকা এই পৱিত্ৰ শিৱলিংগটো অৱশেষত সকলোৰে দৰ্শনৰ বাবে পোহৰলৈ আহিছে। বৰ্তমান পৰীক্ষাগাৰৰ অধ্যয়নেহে ইয়াৰ সঠিক বয়স নিৰ্ধাৰণ কৰিব পাৰিব

 

Related News