ক্ল’জঃ-বন্ধুত্বৰ সূতাডাল
ফৰাঁচী ভাষাৰ এই ছবিখনে মুক্তিলাভ কৰিছিলে ২০২২চনৰ ২৬ মে’ তাৰিখে কাঁ চলচ্চিত্ৰ মহোৎসৱত। ছবিখনে কাঁ মহোৎসৱত গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতেই,৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ অস্কাৰ বঁটা শিতানতো মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল। ক্ল’জৰ পৰিচালক হৈছে লুকাছ ধন্ট। চিত্ৰনাট্য লিখিছে লুকাছ ধন্ট আৰু এঞ্জেল’ টিজছেঞ্চে। ছবিখন দৰ্শকৰ বাবে অ টি টি প্লেটফৰ্ম প্ৰাইমত উপলব্ধ।
ছবিখনৰ আৰম্ভণিৰ পচ্ছাদপট গ্ৰাম্য বেলজিয়ামত দুই বন্ধু ৰেমি আৰু লিঅ’ই খেলি থকাৰ দৃশ্যৰে। ১৩ বছৰীয়া দুই কিশোৰ লিঅ’ আৰু ৰেমিৰ বন্ধুত্বক লৈয়েই ক্ল’জ ছবিখন। এন্ধাৰৰ পৰা পোহৰলৈ অহাৰ এটি দৃশ্যৰে ছবিৰ আৰম্ভণি। ৰেমি আৰু লিঅ’ৰ মাজত বন্ধুত্ব ইমানেই নিকপকপীয়া যে লিঅ’ই প্ৰায়েই ৰেমিহঁতৰ ঘৰতে নিশা কটাই। দুয়ো একেলগে শুৱে। মুঠতে দুই অভিন্ন সংগী। দুয়ো নতুন স্কুললৈ যাবলৈ আৰম্ভ কৰে। কেণাটো তাতেই লাগিবলৈ ধৰে। এবাৰ স্কুলত দুজনীমান ছোৱালী বন্ধুৱে সিহঁত দুয়োৰে নৈকট্য দেখি প্ৰশ্নই কৰি দিয়ে যে সিহঁত দুয়োৰে সম্পৰ্ক বন্ধুত্বতকৈ উৰ্দ্ধত নেকি বুলি। লিঅ’ই নহয় বুলি উত্তৰ দিয়ে,আনহাতে ৰেমি নীৰৱে থাকে। কথাটোৱে লিঅ’ৰ মনত ক্ৰিয়া কৰে। ক্ৰমশঃ লিঅ’ই নিজকে আন আন বন্ধুৰ লগত অধিক মিলা-মিছা কৰিবলৈ বাবে প্ৰয়াস কৰে। আইচ-হকীও শিকিবলৈ লয়। এই সকলোবোৰৰ মাজেৰে লাহেকৈ ৰেমি বাদ পৰিবলৈ ধৰে। অৰ্থাৎ ৰেমিক লাহে লাহে নিজৰ পৰা দূৰ কৰি পঠিয়াই লিঅ’ই। ৰেমিয়ে প্ৰশ্ন কৰে। লিঅ’ই উত্তৰ একো নাই বুলিয়েই দিয়ে। এৰাতি দুয়ো ৰেমিৰ ঘৰত একেলগে শুই থকা অৱস্থাত,লিঅ’ আহি আন এখন বিচনাত শুই থাকে। পুৱা উঠি দেখে ৰেমি আহি লিঅ’ৰ লগতেই শুই আছে। দুয়োৰে মাজত হতাহতি পৰ্যন্ত হয়। তেতিয়াৰ পৰা দুয়োৰে মাজত ব্যৱধান আৰু বাঢ়ে। লিঅ’ ৰেমিৰ ঘৰত থাকিবলৈ নোযোৱা হয়। ইফালে ৰেমি ক্ৰমশঃ ভাগি পৰিবলৈ আৰম্ভ কৰে। এদিন স্কুলৰ এটি ভ্ৰমণৰ পৰা উভতি আহোতেই লিঅ’ই খবৰ পাই যে ৰেমিয়ে আত্মহত্যা কৰিছে। আটাইতকৈ বেছি নিকট এক সম্পৰ্কত থাকিও লিঅ’ই অদ্ভুত শীতল আচৰণ কৰে। ৰেমিৰ অন্তেষ্টিক্ৰিয়াতো একেই শীতল আচৰণ লিঅ’ৰ। মাত্ৰ ৰেমিৰ মাকলৈ দৃষ্টি দি থাকে দীৰ্ঘসময়ৰ বাবে। কাহিনীভাগত কোনো নাটকীয়তা নাই। সাৱলীলভাৱে আগবাঢ়ে। পৰৱৰ্তী সময়ত লিঅ’ই অপ্ৰকাশিত আৱেগবোৰ নিজৰ মাজতে আৱদ্ধ কৰি হকী খেলে,ঘৰৰ ফুলৰ খেতিৰ কামত পৰিয়ালক সহায় কৰে। পিছে এটা সময়ত লিঅ’ৰ নিজৰ আৱদ্ধ আৱেগ আৰু আৱদ্ধ কৰি ৰাখিব নোৱাৰা হয়। বহিঃপ্ৰকাশ ঘটিবলৈ ধৰে লিঅ’ৰ অজানিতে। লিঅ’ই ৰেমিৰ মাকক লগ কৰিবলৈ যায়। দ্বিতীয়বাৰ লগ কৰিবলৈ যাওঁতে কি হয়,সেই লৈয়েই ছবিখনৰ অন্ত। হৃদয়স্পৰ্শী,আৱেগ আন্দোলিত কৰিব পৰা এখন ছবি ক্ল’জ। সম্পাদনাৰ দিশটোও মনোগ্ৰাহী,যিদৰে চিনেমেট’গ্ৰাফীৰ দিশটো। লগতে ছবিখনৰ পৰিস্থিতি সাপেক্ষ আৱহ-সংগীতৰ কথা উল্লেখ কৰিবই লাগিব। ক্ল’জৰ পৰিচালনা আৰু চিত্ৰনাট্য আন দুটি শক্তিশালী দিশ ছবিখনৰ।
অভিনয়ৰ ক্ষেত্ৰত নাম ল’ব লাগিব দুই মুখ্য চৰিত্ৰ লিঅ'(এডেন ডামব্ৰিন)ৰ লগতে ৰেমি(গুস্তাভ ডি ৱেইলে)ৰ। বিশেষকৈ নীৰৱ মুহুৰ্তবোৰত লিঅ’ৰ দেহভংগীমা,মুখাবয়বৰ অভিব্যক্তি অনবদ্য। অন্তিম দৃশ্যত আকৌ এন্ধাৰৰ পৰা পোহৰলৈ অহাৰ দৃশ্যৰে ছবিৰ অন্ত পৰে। আৰম্ভণিৰ দৃশ্য আৰু অন্তিম দৃশ্য একেই ৰখাৰ এই কলা নিৰ্দেশনা প্ৰশংসনীয় তথা প্ৰতীকী । আৰম্ভণিত দুয়োৰে বন্ধুত্বই পাখি মেলিছিলে পোহৰলৈ আৰু অন্তিম দৃশ্যত লিঅ’ই নিজৰ আবদ্ধ আৱেগৰ পৰা মুক্ত হৈ পৰে। ক্ল’জ চালে এই ছবিখনে আপোনাৰ মনত বহুদিনলৈ ক্ৰিয়া কৰি থাকিব।
-ৰিমলী বৰকটকী।
mail- rimli.borkotoky1985@gmail.com