NORTHEAST NOW (Assamese)

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি; ৰিখটাৰ স্কেলত ৩.৫ প্ৰাবল্য, গুৱাহাটীতো অনুভুত কম্পন

January 17, 2024 8:43 am · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ এক ভূমিকম্পৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য। পুৱা ৭.৫৪ বজাত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

অসমৰ দৰং জিলাত বুধবাৰে পুৱা ৩.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে বুলি ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলতো অনুভূত হয় এই জোকাৰণি।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই এক্স হেণ্ডেলত জানিবলৈ দিয়া মতে ভূমিকম্পৰ স্থান অসমৰ দৰং। ইয়াৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৫। ভূমিকম্পটোৰ গভীৰতা ভূগৰ্ভৰ ২০ কিলোমিটাৰ তলত আছিল বুলি কোৱা হৈছে।

ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতিৰ খৱৰ এতিয়ালৈকে পোৱা হোৱা নাই।

Related News