NORTHEAST NOW (Assamese)

গোলাঘাটৰ ঐতিহ্যমণ্ডিত দণ্ডধৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ বৃহৎ প্ৰস্তুতি

November 27, 2021 2:49 pm · মীনাক্ষী ফুকন, গোলাঘাট

গোলাঘাটৰ মহিলা শিক্ষাৰ বাটকটীয়া তথা ঐতিহ্যমণ্ডিত গোলাঘাট দণ্ডধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া  প্ৰাক্তন ছাত্ৰীৰ সমাৰোহখনি  অহা  ২৫ ডিচেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত কৰাৰ আয়োজন কৰা হৈছে।

সেই উপলক্ষে বিদ্যালয়খনিত শিক্ষা গ্ৰহণ কৰি যোৱা প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰীক ইয়াৰ জৰিয়তে নিমন্ত্ৰণ জনোৱাৰ লগতে তেওঁলোকৰ সহযোগিতা এই সমাৰোহৰ আয়োজক কমিটিৰ  ফালৰ পৰা বিচৰা হৈছে।

সমাৰোহ সমিতিখনৰ সাধাৰণ সম্পাদিকা আৰু যুটীয়া সম্পাদিকা মীনাক্ষী ফুকন আৰু বুলি শৰ্মা দেৱে জনোৱা মতে সমাৰোহখনি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব আৰু সমাৰোহখনিৰ সাংস্কৃতিক সম্পাদিকা  প্ৰাক্তন ছাত্ৰী গৰিমা শইকীয়া গাৰ্গৰ তত্ত্বাৱধানত এক আটকধুনীয়া সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হ’ব।

Also Read: Covid New variant কিমান ভয়াবহ কৰ’নাৰ নতুন ভেৰিয়েন্ট Omicron; কি জনালে WHOই?

সমাৰোহভাগিৰ লগত সংগতি ৰাখি প্ৰকাশ হ’ব লগা স্মৃতিগ্ৰন্থখনিৰ বাবেও প্ৰাক্তন ছাত্ৰীসকলৰ পৰা লেখা আহ্বান কৰা হৈছে।

লেখা সমূহ অহা ৭ ডিচেম্বৰ তাৰিখৰ ভিতৰত স্মৃতিগ্ৰন্থৰ দায়িত্বত থকা বৰ্ণালী শৰ্মা, বনশ্ৰী কলিতা আৰু গায়ত্ৰী চাহুৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছৈ।

যোগাযোগৰ নম্বৰ সমূহ হৈছে, 06000148870, 917002098279, 919613862705, 9742644233, 918638391080, 8721982628।

Related News