NORTHEAST NOW (Assamese)

এখন ব্যতিক্ৰমী বিয়া, ম’হৰ গাড়ীত আহিল দৰা; সকলোৱে চাবলৈ লগালে লৰা-ঢপৰা

February 21, 2022 12:44 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

এখন ব্যতিক্ৰমী বিয়া। বিলাসী গাড়ীত নহয়, কইনা নিবলৈ ম’হৰ গাড়ীত উঠি আহিল দৰা। তামুলপুৰৰ উলুবাৰী গাঁৱৰ এগৰাকী দৰাই বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনক লগত লৈ কইনা নিবলৈ ম’হৰ গাড়ীত অহাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

যুগ্ম জীৱনৰ প্ৰাৰম্ভিক বেলাত মাহ-হালধিৰ গোন্ধ লৈ নতুন জীৱন আৰম্ভ কৰাৰ বাবে এনেদৰে দৰা আহিল ম’হৰ গাড়ীত। ব্যতিক্ৰমী এই বিয়াখনৰ সাক্ষী হৈ ৰ’ল তামুলপুৰীয়া ৰাইজ।

দেওবাৰে এখন চৈ দিয়া গাড়ীত উঠি সপোনৰ মালা গাঁঠিলে দৰা হৰেন ৰয় আৰু কইনা বন্দিতা কাকতিয়ে।

লগতে পঢ়ক: উজ্জীৱিত টীম ইণ্ডিয়া! এদিনীয়াৰ পিছত টী-২০ ছিৰিজতো ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ ভাৰতৰ

উলুবাৰী গাঁৱৰ প্ৰয়াত সতীশ ৰয় আৰু চম্পা ৰয়ৰ পুত্ৰ হৰেন ৰয়ে তামুলপুৰৰেই দলংপাৰ গাঁওৰ গজেন কাকতি আৰু অনুপমা কাকতিৰ কন্যা বন্দিতা কাকতিৰ পাণিগ্ৰহণ কৰিবলৈ সামাজিকভাৱে আগবাঢ়ে।

যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হৈছে আমাৰ কৃষ্টি-সংস্কৃতি। হেৰাই যোৱা কৃষ্টি-সংস্কৃতিক পুনৰ উদ্ধাৰৰ বাবে দৰা হৰেনৰ এয়া ক্ষুদ্ৰতৰ প্ৰয়াস।

লগতে পঢ়ক: হিজাব বিতৰ্ক চলি থকাৰ মাজতে কৰ্ণাটকত বজৰং দলৰ কৰ্মীক হত্যা; উত্তেজনা অব্যাহত

কাশ্মীৰত কৰ্মৰত ভাৰতীয় সেনাৰ জোৱান হৰেন ৰয়ে বিয়াৰ ৰভা থলীও কল গছৰ পাতেৰে সাজিছে, কলগছৰ দোনাৰে সাজিছে পদুলি, সাজিছে মণ্ডপ, দৃষ্টিনন্দন দৃশ্য। মুঠৰ ওপৰত এখন ব্যতিক্ৰমী বিবাহ।

ইপিনে, গঞা ৰাইজেও হৰেন-বন্দিতালৈ যুগ্ম জীৱনলৈ হিয়াভৰা শুভকামনা জনাইছে। 

Related News