NORTHEAST NOW (Assamese)

অসম সন্তান বৰপেটাৰ গৌৰাংগলাল দাস টাইৱানত ভাৰতৰ নতুন ৰাষ্ট্ৰদূত নিযুক্ত

July 12, 2020 2:17 pm · পুলেন্দ্র দাস
গৌৰাংগ লাল দাস। ফাইল ফটো।

বৰপেটাৰ সুযোগ্য সন্তান গৌৰাংগলাল দাসক টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাবে নিযুক্তি দিয়া হৈছে ৷

১৯৯১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰা গৌৰাংগলাল দাসে ১৯৯৯ চনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে আৰু বৰ্তমান আমেৰিকাত থকা ভাৰতীয় দূতবাসত যুটীয়া সচিব হিচাবে কৰ্মৰত হৈ আছে ৷

বৰপেটা চহৰৰ মেটুৱাকুছিৰ প্ৰয়াত ডাঃ মতিলাল দাসৰ পুত্ৰ গৌৰাংগলাল দাসৰ এই সাফল্যক লৈ সত্ৰনগৰী বৰপেটাবাসীৰ লগতে সমগ্র জিলা তথা ৰাজ্যবাসী গৌৰৱান্বিত হৈছে ৷

বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগ লাল দাস আমেৰিকাত থকা সময়ছোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত ডোনাল্ড ট্ৰাম্পৰ সৈতে আলোচনাকালত মধ্যমণি হৈ উজলি উঠাৰ বাতৰি সবিস্তাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

অসমীয়া মাধ্যমত অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ দেশ-বিদেশত প্ৰতিষ্ঠা লাভৰ দিশত অগ্ৰসৰ হোৱা গৌৰাংগলাল দাসৰ সাফল্যক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

Related News