NORTHEAST NOW (Assamese)

ৰক্ষণশীলতাক বৃদ্ধাংগুষ্ঠ ইৰাণৰ ডবা খেলুৱৈৰ

December 28, 2022 8:45 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বৰ বিপ্লৱী ইতিহাসৰ বুকুত নাম খোদিত কৰি ইৰাণৰ সাহসী নাৰীসকলে এতিয়াও কৰি আছে হিজাববিৰোধী প্ৰতিবাদ। শ শ বিপ্লৱীয়ে প্ৰাণ দিছে নাৰীমুক্তিৰ বাবে। প্ৰাণ দিছে ৰক্ষণশীলতা নিঃশেষ কৰাৰ বাবে।

এইবাৰ হিজাব পৰিধান নকৰাকৈ ইৰাণৰ এগৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দবাখেলত।

এই তৰুণীগৰাকীয়ে হিজাব পৰিধান নকৰাকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দবাখেলি বৃদ্ধাংগুষ্ঠ দেখুৱালে ইৰাণৰ ৰক্ষণশীল চৰকাৰক। এই তৰুণ খেলুৱৈগৰাকীৰ নাম ছাৰা খাদেম।

উল্লেখ্য যে কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হোৱা ফিডে ৱৰ্ল্ড ৰেপিড এণ্ড ব্লিটজ চেছ চেম্পিয়নশ্বিপত ছাৰা খাদেমে হিজাব নোহোৱাকৈ অংশগ্ৰহণ কৰিছিল।

ইৰাণত চলি থকা প্ৰতিবাদত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহুতে হিজাব খুলি জুই লগাই দিয়াও দেখা গৈছে। ইৰাণৰ একাংশ খেলুৱৈ আৰু মহিলাই এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।

ইৰাণৰ কৰ্তৃপক্ষই অব্যাহত থকা হিজাব বিৰোধী আন্দোলনক দমন কৰি আহিছে। HRANA ৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰলৈকে এই প্ৰতিবাদত ৬৯টি শিশুকে ধৰি ৫০৭ জন লোকৰ মৃত্যু হৈছে । লগতে প্ৰতিবাদী জনতাৰ হাতত নিৰাপত্তাৰক্ষীৰ ৬৬ জন সদস্যও নিহত হৈছে।

অৱশ্যে চৰকাৰী বিষয়াসকলে কোৱা মতে এই পৰ্যন্ত নিৰাপত্তা বাহিনীৰ সদস্যকে ধৰি ৩০০ জন লোকৰ মৃত্যু হৈছে।

Related News