NORTHEAST NOW (Assamese)
দেশ

অন্ত পৰিল অনন্তনাগ অপাৰেচন: লস্কৰ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদীৰ মৃত্যু নিশ্চিত আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2023 6:38 pm
Anantnag encounter

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত ৭ দিন ধৰি চলি থকা অভিযান আজি অন্ত পৰে। এই ভয়াৱহ সংঘৰ্ষত দেশৰ নিৰাপত্তাৰক্ষী বাহিনীৰ চাৰি বিষয়া-জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে তিনি সন্ত্ৰাসবাদী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয়।

নিহত তিনি সন্ত্ৰাসবাদীৰে দুগৰাকীৰ মৃতদেহ এইপৰ্যন্ত উদ্ধাৰ হোৱাৰ বিপৰীতে এগৰাকীৰ মৃতদেহ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে। কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালকৰ ভাষ্য অনুসৰি লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ উজাইৰ খানো এই সংঘৰ্ষত নিহত হৈছে।

যোৱা সপ্তাহত বুধবাৰৰ পৰা দক্ষিণ কাশ্মীৰ জিলাৰ গাডোলে বনাঞ্চলত আৰম্ভ হোৱা এই সংঘৰ্ষৰ অন্ত পৰিছে যদিও অনুসন্ধান অভিযান অব্যাহত থাকিব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে।

ইফালে, বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা সেনাৰ এগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি ভাৰতীয় সেনাই সোমবাৰে প্ৰকাশ কৰিছিল। মৃত জোৱানগৰাকীৰ নাম প্ৰদীপ সিং বুলি জানিবলৈ দিছিল সেনাই।

সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত প্ৰদীপ সিঙৰ মৃতদেহ উদ্ধাৰ কৰা হয়। সিঙৰ পূৰ্বে এই সংঘৰ্ষত কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোঞ্চক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-অধীক্ষক হিমানুন ভাটৰ মৃত্যু হৈছিল।