NORTHEAST NOW (Assamese)
অসম

পেলেষ্টাইনৰ পক্ষে পোষ্ট দিয়াৰ বাবে ডাচ ফুটবলাৰৰ সৈতে চুক্তি বাতিল কৰিলে জাৰ্মানীৰ ক্লাবে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 4, 2023 1:42 pm

পেলেষ্টাইন-ইজৰাইল সংঘাতৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে জাৰ্মানীৰ ক্লাব মেইঞ্জে ডাচ উইংগাৰ আনোৱাৰ আল গাজীৰ সৈতে চুক্তি বাতিল কৰিছে। শুকুৰবাৰে ক্লাবটোৱে এক বিবৃতিত এই খবৰ নিশ্চিত কৰে।

ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত পেলেষ্টাইনৰ সপক্ষে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে আল গাজীক বৰ্খাস্ত কৰা হৈছিল। অৱশ্যে ২৮ বছৰীয়া ফুটবলাৰগৰাকীয়ে পিছত সেই পোষ্টটো ডিলিট কৰে। তাৰ পিছত যোৱা সোমবাৰে তেওঁৰ পৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়। কিন্তু বুধবাৰে আল গাজীয়ে একেটা বিষয়তে এটা নতুন পোষ্ট  কৰে। অৱশেষত ক্লাবটোৱে তেওঁৰ সৈতে কৰা চুক্তি বাতিল কৰে।

লগতে পঢ়কঃ পাকিস্তানৰ বিমান ঘাটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ; ধ্বংস ৩খন যুদ্ধবিমান, নিহত ৩ সন্ত্ৰাসবাদী

এক বিবৃতিত ক্লাবটোৱে কয় যে, এফ এছ ভি মেইঞ্জে শুকুৰবাৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আনোৱাৰ আল গাজীৰ সৈতে হোৱা চুক্তি বাতিলৰ কথা ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াত খেলুৱৈগৰাকীৰ পোষ্ট আৰু মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে ক্লাবটোৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

চুক্তি বাতিল হোৱাৰ সন্দৰ্ভত আল গাজীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়াত দিয়া এটা বাৰ্তাত ডাচ ফুটবলাৰগৰাকীয়ে লিখিছে, ‘যি উচিত তাৰ বাবে থিয় দিয়ক। যদি আপুনি অকলেও থিয় দিব লগা হয়।‘

তাৰ পিছত ‘ষ্টপকিলিং’ হেচটেগটোৰে আল গাজীয়ে লিখিছে, “গাজাৰ নিৰীহ আৰু বিপন্ন জনসাধাৰণৰ নৰক-দুখৰ তুলনাত মোৰ জীৱিকাৰ ক্ষতি একোৱেই নহয়।”

লগতে পঢ়কঃ ফুটবলৰ পিছত এইবাৰ IPLত চকু ছৌদি আৰৱৰ; ৫০০ কোটি ডলাৰ বিনিয়োগৰ চিন্তা

ইয়াৰ পূৰ্বে যোৱা সোমবাৰে যেতিয়া নিষেধাজ্ঞা উঠাই লোৱা হৈছিল তেতিয়া ক্লাবটোৱে কৈছিল, ‘ক্লাবৰ মূল্যবোধক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি, অনুশোচনা অনুভৱ কৰা আৰু ভুলৰ পৰা শিকিবলৈ সুযোগ লোৱাৰ প্ৰতিশ্ৰুতি দি আনোৱাৰ আল গাজীয়ে পুনৰ প্ৰশিক্ষণলৈ ঘূৰি আহিব আৰু মেইঞ্জেৰ  ক্লাব সম্পৰ্কীয় কাম-কাজত পুনৰ যোগদান কৰিব।’ .

কিন্তু বুধবাৰে আল গাজীয়ে কয় যে তেওঁ পূৰ্বৰ স্থিতিত অটল থাকিব। য’ত তেওঁ সকলোকে সন্দেহ আঁতৰাবলৈ কয় আৰু ২৭ অক্টোবৰত দিয়া পোষ্টটোৱেই তেওঁৰ চূড়ান্ত স্থিতি বুলি মন্তব্য কৰে।

সেই সময়ত তেওঁ লিখিছিল, ‘মই যুদ্ধ আৰু হিংসাৰ বিৰোধী। মই নিৰীহ সাধাৰণ নাগৰিকক হত্যা কৰাৰ বিৰোধী। মই সকলো ধৰণৰ বৈষম্যৰ বিৰোধী। মই ইছলামোফ’বিয়াৰ বিৰোধী। মই ইহুদী বিৰোধীতাৰ বিৰোধী। মই গণহত্যাৰ বিৰোধী। মই বৰ্ণবাদৰ বিৰোধী। মই দখলৰ বিৰোধী। মই অত্যাচাৰৰ বিৰোধী।‘

এই সময়ত গাজাত তিনি সপ্তাহত ৩ হাজাৰ ৫০০ শিশুক হত্যা কৰাটো কোনোমতে ন্যায্য নহয় বুলিও মন্তব্য কৰে আল গাজীয়ে।

২৭ অক্টোবৰৰ এটা পোষ্টত গাজীয়ে লিখিছিল, “পেলেষ্টাইন আৰু ইজৰাইলত নিৰীহ সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডক মই গৰিহণা দিছো। জাতীয়তা নিৰ্বিশেষে এই সংঘাতত নিহত হোৱা সকলো নিৰীহ লোকৰ প্ৰতি মোৰ সহানুভূতি আছে।” লগতে আল গাজীয়ে মধ্যপ্ৰাচ্যত শান্তি আৰু ঐক্য বিচৰাৰ কথা কৈছিল।