NORTHEAST NOW (Assamese)

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

January 16, 2021 11:52 am · এন ই নাও নিউজ

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া বাৰ্ডফ্লুৰ সংহাৰ চলিছে।

এনে পৰিস্থিতিত বহু ৰাজ্যত ব্যাপক হাৰত চলিছে হাঁহ-কুকুৰা নিধন অভিযান।

বহু ৰাজ্যই আকৌ আন ৰাজ্যৰ পৰা হাঁহ-কুকুৰাৰ আমদানি বন্ধ কৰিছে।

ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে হাঁহ-কুকুৰা পালকসকল।

বহু ঠাইত পানীৰ দৰত বিক্ৰী হৈছে হাঁহ-কুকুৰা। কিন্তু বাৰ্ডফ্লুৰ  এনে সংহাৰৰ মাজতো এখন ৰাজ্যত কুকুৰাৰ চাহিদা কমক চাৰি বেছিহে হোৱা দেখা গৈছে।

যিটো সময়ত বহু ৰাজ্যত কুকুৰাৰ গোটে প্ৰতি দাম প্ৰায় ৩০-৪০ টকা হৈছে সেই সময়তে অন্ধ্ৰপ্ৰদেশত কুকুৰাৰ মাংস বিক্ৰী হৈছে ১০০০ টকাত।

ক’ৰৱাত আকৌ দাম ২০০০ টকা পৰ্যন্তও হৈছে। অন্ধ্ৰপ্ৰদেশত এনেদৰে কুকুৰাৰ চাহিদা হঠাতে বৃদ্ধি পোৱাৰ কাৰণটো হৈছে ৰাজ্য খনত প্ৰতি বছৰে মাঘ মাহত কুকুৰা যুঁজ অনুষ্ঠিত কৰি অহা হয়।

কৃষ্ণা, গোদাৱৰী,গুণ্টুৰ আদি জিলাৰ লগতে ৰাজ্যখনৰ সকলো ঠাইতে এতিয়া পূৰ্ণোদ্যমে চলিছে কুকুৰা যুঁজ।

সেয়ে স্থানীয় কুকুৰাৰ চাহিদা হঠাতে বাঢ়ি গৈছে। কুকুৰাৰ চাহিদা বৃদ্ধি পোৱাৰ বাবেই অন্ধ্ৰপ্ৰদেশত এতিয়া কুকুৰাৰ দাম কেজিয়ে প্ৰতি কমেও ১০০০ টকা হৈছে।

কুকুৰা যুঁজ অন্ধ্ৰপ্ৰদেশৰ পৰম্পৰাগত খেল।

মাঘ মাহত এই যুঁজ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত কৰা হয়।সেয়ে এই সময়ছোৱাত দক্ষিণৰ ৰাজ্য সমূহত কুকুৰাৰ চাহিদা বাঢ়ে আৰু দামো বৃদ্ধি পায়।

Related News