NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত কৰ’নাকালীন পৰিস্থিতিৰ পিছত পুনৰ জীপাল হৈ উঠিল অঙ্গনবাদী কেন্দ্ৰসমূহ

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ March 5, 2022 10:32 am
Aunganbadi center

বিগত দুটা বছৰে কৰ’নাকালীন পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা অঙ্গনবাদী কেন্দ্ৰসমূহলৈ আশাৰ বতৰা আহিছে।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ১ মাৰ্চৰ পৰা অঙ্গনবাড়ী কেন্দ্ৰ সমূহ খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

কলিয়াবৰতো জিলা সমাজ কল্যাণ বিষয়া তথা পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰুবী কলিতাৰ পৰিচালনাত “অঙ্গনবাদী কেন্দ্ৰলৈ যাঁও ব’লা” শীৰ্ষক এক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

লগতে পঢ়ক: বিশ্ব ক্ৰিকেট ইতিহাসৰ বৰ্ণময় চৰিত্ৰ শ্বেন ৱাৰ্ণ; কৃতি-কৃতিত্বৰ লগতে বহু বিতৰ্কৰে জড়িত কিংবদন্তি ৱার্ণ

এই শোভাযাত্ৰা কাৰ্যসূচীত হালোৱা গাঁও, মিছামুখ, কেলিডেনৰ লগতে মাজগাঁও অঙ্গনবাদী কেন্দ্ৰলৈ শোভাযাত্ৰা কৰি যাত্ৰা আৰম্ভ কৰা হয়।

এই কাৰ্যসূচীত নগাঁও জিলা সমাজ কল্যাণ বিষয়া তথা পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকাৰ উপৰিও অঙ্গনবাদী কেন্দ্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াকে ধৰি শিশু, বৃদ্ধা মহিলা, যুৱতী আৰু মাতৃসকলে অংশ গ্ৰহণ কৰে।