DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব ক্ৰিকেট ইতিহাসৰ বৰ্ণময় চৰিত্ৰ শ্বেন ৱাৰ্ণ; কৃতি-কৃতিত্বৰ লগতে বহু বিতৰ্কৰে জড়িত কিংবদন্তি ৱার্ণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2022 9:11 am
tewVGbISIkQwneH-800x450-noPad
2.7k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ খেলপথাৰত যিদৰে শ্বেন ৱাৰ্ণৰ বল ঘুৰিছিল, ঠিক সেইদৰে খেলপথাৰৰ বাহিৰতো তেওঁৰ জীৱনত বিতৰ্কই ঘুৰি ফুৰিছিল। সেই বিতৰ্কৰ মাজত আছিল ফিক্সিং, মাদক দ্ৰব্য সেৱন, নাৰীসংগৰ দৰে বহু বিষয়। কিন্তু বিশ্ব ক্ৰিকেটৰ ইতিহাসত তেওঁ হৈছে এগৰাকী বিৰল প্ৰতিভাধৰ কিংবদন্তি স্পীনাৰ।

শ্বেন ৱাৰ্ণ ২০০৩চনৰ বিশ্বকাপৰ পূৰ্বে ড’প টেষ্টত ধৰা পৰিছিল। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা সেই বিশ্বকাপৰ পৰা বাহিৰ হৈ তেওঁ নিজ দেশলৈ উভতি যাবলগীয়া হৈছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বোৰ্ডৰ নিষেধাজ্ঞাৰো সন্মুখীন হয় শ্বেন।

শ্বেন ৱাৰ্ণৰ বিৰুদ্ধে ২০০০চনত এগৰাকী ব্ৰিটিছ মহিলাক আপত্তিজনক মেচেজ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ ফলত ৱাৰ্ণক অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ সহ অধিনায়ক পদৰ পৰা অঁতৰাই দিয়া হৈছিল।

স্পীনৰ যাদুকৰগৰাকীৰ ছিগাৰেট আসক্তিৰ কথা সৰ্বজনবিদিত। ২০০৮চনত নিউজিলেণ্ড ভ্ৰমণৰ সময়ত শ্বেনৰ ধূমপান কৰাৰ ছবি পোহৰলৈ আহে। ইয়াকে লৈ সমস্যাতো পৰে ৱাৰ্ণ।

১৯৯৫চনৰ পৰা ২০০৫চন লৈকে ছিমোন কালাহানৰ সৈতে বৈবাহিক সম্পৰ্কৰ পিছত বিচ্ছেদ ঘটে। তাৰপিছত ২০০৭চনত তেওঁলোকৰ পুনৰ্মিলনৰ সম্ভাৱনা জাগি উঠাৰ সময়তে আন এগৰাকী মহিলাক পঠোৱা এটা মেচেজ ভুলতেই কালাহানৰ তালৈ গুচি যায়। ইয়াতেই অসন্তুষ্ট হৈ ইংলেণ্ডলৈ গুচি যায় কালাহান।

ইয়াৰ পিছতে শ্বেন ৱাৰ্ণৰ অভিনেত্ৰী-মডেল লিজ হাৰ্লিৰ সৈতে সম্পৰ্কৰ কথা ৰাষ্ট্ৰ হৈ পৰে। কিন্তু আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কৰ অভিযোগ উঠাত হাৰ্লিয়েও তেওঁক এৰি গুচি যায়।

শ্বেন ৱাৰ্ণৰ নাম মেচ ফিক্সিঙৰ সৈতে সাঙোৰ খাইছিল। ১৯৯৪চনত  শেবন ৱাৰ্ণ আৰু মাৰ্ক ৱ’ৰ বিৰুদ্ধে ভাৰতীয় বুকি জন ওৰফে মুকেশক গুৰুত্বপূৰ্ণ তথ্য দিয়াৰ অভিযোগ উঠে। অৱশ্যে এই বিষয়টোৱে শ্বেনৰ জীৱনত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল।

শ্বেন ৱাৰ্ণৰ বিৰুদ্ধে উঠা আন এক অভিযোগ আছিল যে ১৯৯৪চনত কৰাচী টেষ্টত বেয়া বল কৰাৰ বাবে ছেলিম মালিকে ৱাৰ্ণক উৎকোচ দিছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বোৰ্ডে মাৰ্ক ৱ’ আৰু শ্বেন ৱাৰ্ণক শকত অংকৰ জৰিমনা বিহে।

তথাপি, লেগ স্পীন বলিঙৰ যাদুকৰ, বেটছমেনৰ বাবে সন্ত্ৰাস তথা প্ৰতিটো বল ভিন্ন ধৰণে দিব পৰা অনন্য প্ৰতিভাৰ অধিকাৰী শ্বেন ৱাৰ্ণ কিংবদন্তি ক্ৰিকেটাৰ। বিশ্ব ক্ৰিকেটত বিতৰ্কিত অথচ বিৰল প্ৰতিভাৰ এনে ক্ৰিকেটাৰ হয়তো আন এগৰাকী বিচাৰি পোৱা নাযাব।           

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd