NORTHEAST NOW (Assamese)
Popular Stories

চমন দি দি হায়ৰাণ বলৱৎকৰণ সঞ্চালকালয়! ধন সৰবৰাহৰ গোচৰত অনিল আম্বানীলৈ পুনৰ চমন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2026 1:33 pm

ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত ৰুজু হোৱা এক গুৰুতৰ গোচৰৰ সন্দৰ্ভত পুনৰ বলৱৎকৰণ সঞ্চালকালয়ৰ জেৰাৰ সন্মুখীন হৈছে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানী আৰু তেওঁৰ পত্নী টীনা আম্বানী। চলিত সপ্তাহত পূৰ্বনিৰ্ধাৰিত জেৰাৰ বাবে উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত ইডিয়ে এতিয়া উদ্যোগপতিগৰাকীলৈ নতুন চমন জাৰি কৰি অহা ২৬ ফেব্ৰুৱাৰীত হাজিৰ হোৱাৰ কঠোৰ নিৰ্দেশ দিছে। নিউয়ৰ্কত এক বিলাসী সম্পত্তি ক্ৰয়ৰ নামত সংঘটিত বৃহৎ বিত্তীয় অনিয়ম, সন্দেহযুক্ত ধনৰ লেনদেন আৰু বেংক প্ৰতাৰণাৰ অভিযোগক কেন্দ্ৰ কৰি ইডিয়ে এই তদন্ত প্ৰক্ৰিয়া অধিক তীব্ৰতৰ কৰি তুলিছে।

ইয়াৰ সমান্তৰালভাৱে, তেওঁৰ পত্নী তথা প্ৰাক্তন অভিনেত্ৰী টীনা আম্বানীয়েও দুবাৰকৈ সময় পিছুৱাবলৈ অনুৰোধ জনাই পূৰ্বৰ নিৰ্ধাৰিত ১০ আৰু ১৭ ফেব্ৰুৱাৰীত ইডিৰ কাষত হাজিৰ হোৱা নাই। অৱশ্যে, ইডিৰ তৰফৰ পৰা তেওঁক জেৰাৰ বাবে নতুন কোনো দিন দিয়া হৈছে নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইডিৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত দুয়োৰে পৃথকে পৃথকে ভাষ্য গ্ৰহণৰ বাবে তেওঁলোকক মাতি পঠিওৱা হৈছে। ইয়াৰ পূৰ্বে ২০২৫ চনৰ আগষ্ট মাহত অনিল আম্বানী এবাৰ ইডিৰ সন্মুখত হাজিৰ হৈছিল। জানিব পৰা মতে, নিউয়ৰ্কৰ মানহাটানত এটা বিলাসী কণ্ডোমিনিয়াম ক্ৰয়ৰ সৈতে জড়িত ধনৰ লেনদেনৰ সন্দৰ্ভত জেৰা কৰিবলৈ টীনা আম্বানীক মাতি পঠিওৱা হৈছে।

এই গোচৰ সন্দৰ্ভত শেহতীয়াকৈ ইডিয়ে আৰকমৰ প্ৰাক্তন সভাপতি পুনিত গাৰ্গক গ্ৰেপ্তাৰ কৰিছে। ইডিয়ে পূৰ্বে এক বিবৃতিত দাবী কৰিছিল যে ২০২৩ চনত আৰকমৰ কৰ্প’ৰেট ইনছলভেন্সি ৰিজলিউশ্বন প্ৰক্ৰিয়াৰ সময়ত গাৰ্গে নিউয়ৰ্কৰ সম্পত্তিটো “প্ৰতাৰণামূলকভাৱে” বিক্ৰী কৰিছিল। ২০২৫ চনত আৰকমে এই “প্ৰতাৰণামূলক” বিক্ৰীৰ বিষয়ে ষ্টক এক্সচেঞ্জক অৱগত কৰিছিল বুলি জানিব পৰা গৈছে।

সংস্থাটোৱে লগতে দাবী কৰিছিল যে ৰিজলিউশ্বন প্ৰফেচনেলৰ (RP) জ্ঞাতে বা সন্মতি অবিহনে ৮.৩ মিলিয়ন মাৰ্কিন ডলাৰ (২০২৩ চনত প্ৰায় ৬৯.৫৫ কোটি টকা) বিক্ৰীৰ ধন আমেৰিকাৰ পৰা ডুবাইস্থিত এটা প্ৰতিষ্ঠানৰ জৰিয়তে ভুৱা বিনিয়োগৰ নামত সৰবৰাহ কৰা হৈছিল। উল্লেখযোগ্য যে, এই প্ৰতিষ্ঠানটো পাকিস্তানৰ সৈতে সম্পৰ্ক থকা এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ (ADAG) বিৰুদ্ধে উত্থাপিত একাধিক বেংক প্ৰতাৰণা আৰু বিত্তীয় অনিয়মৰ গোচৰৰ তদন্তৰ বাবে সংস্থাই শেহতীয়াকৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই তদন্তৰ অংশ হিচাপে ইডিয়ে ইতিমধ্যে ১২,০০০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে আৰু ৰিলায়েন্স গ্ৰুপৰ কোম্পানীসমূহৰ বিৰুদ্ধে তিনিখন ইচিআইআৰ (ECIR) দাখিল কৰিছে।