NORTHEAST NOW (Assamese)
Popular Stories

‘নিৰ্বাচনৰ ঠিক আগতেই নগদ ধন দিয়া আঁচনি কিয়?’ হিতাধিকাৰী আঁচনিক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2026 2:14 pm

নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজ্য চৰকাৰে ঘোষণা কৰা বিনামূলীয়া উপহাৰ সংস্কৃতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে মৌখিক পৰ্যবেক্ষণত কয় যে নিৰ্বাচনৰ ঠিক আগে আগে এনেধৰণৰ আঁচনি ঘোষণা কৰাৰ প্ৰৱণতাই দেশৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰিব পাৰে। আদালতৰ মতে যিসকলৰ সামৰ্থ্য আছে আৰু যিসকলৰ নাই তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নৰখাকৈ এনেদৰে চৰকাৰী সুবিধা বিলোৱাটো কেৱল তোষণৰ ৰাজনীতিহে যিটো জাতি গঠনৰ বাবে কেতিয়াও শুভ নহয়।

তামিলনাডু পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ এক আৱেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে এই মন্তব্য কৰে। মুখ্য ন্যায়াধীশে প্ৰশ্ন উত্থাপন কৰে যে যদি নিৰ্বাচনৰ আগে আগে পোনপটীয়াকৈ বেংক একাউণ্টত টকা সোমাই দিয়াৰ দৰে আঁচনি ঘোষণা কৰা হয় তেন্তে মানুহে কাম কৰিবলৈ ইচ্ছা কৰিবনে। তেওঁ কয় যে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে দুখীয়া আৰু প্ৰান্তীয় শ্ৰেণীক সহায় কৰাটো চৰকাৰৰ দায়িত্ব কিন্তু ধনী আৰু সামৰ্থ্যবান লোকসকলকো একেধৰণৰ বিনামূলীয়া সুবিধা দিয়াটো যুক্তিহীন।

আদালতে আৰু কয় যে ৰাজ্যসমূহ ৰাজহ নাটনিত চলি থকাৰ পিছতো নিৰ্বাচনৰ সময়ত কাপোৰ খাদ্য বা নগদ ধন বিলোৱাত ব্যস্ত থাকে। এই ধন আচলতে ৰাস্তাঘাট হাস্পতাল আৰু স্কুল নিৰ্মাণৰ দৰে উন্নয়নমূলক কামত ব্যৱহাৰ হ’ব লাগিছিল। মুখ্য ন্যায়াধীশে আক্ষেপেৰে কয় যে যদি মানুহে পুৱাৰ পৰাই বিনামূলীয়া খাদ্য গেছ আৰু বিজুলী লাভ কৰে তেন্তে কাম কৰাৰ মানসিকতা গঢ়ি নুঠিব আৰু ইয়াৰ ফলত জাতি গঠনৰ কামত ব্যাঘাত জন্মিব। চৰকাৰসমূহে এনে নীতি পুনৰ বিবেচনা কৰাৰ সময় আহি পৰিছে বুলিও বিচাৰপীঠে উল্লেখ কৰে।

উচ্চতম ন্যায়ালয়ে ৰাজনৈতিক দল আৰু সমাজ সংস্কাৰকসকলক এই বিষয়ত চিন্তা কৰিবলৈ আহ্বান জনাই কয় যে মানুহক স্বাভিমানী কৰি তোলাৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটোহে বেছি প্ৰয়োজনীয়। কেৱল নিৰ্বাচন জিকিবৰ বাবে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিলে দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰিব বুলি আদালতে সকীয়াই দিয়ে। এই বিষয়টো গুৰুত্বসহকাৰে লৈ আদালতে কেন্দ্ৰীয় চৰকাৰকো জাননী জাৰি কৰিছে আৰু বিষয়টোৰ বিতং শুনানিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।