NORTHEAST NOW (Assamese)
অসম

Inter-State Border Disputes সীমা বিবাদ মীমাংসাৰ বাবে অসম আৰু মিজোৰাম চৰকাৰে গঠন কৰিব কমিটি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 27, 2021 9:20 am
FFDb73nVcAYmB4d

Inter-State Border Disputes আন্ত:ৰাজ্যিক সীমা বিবাদ মীমাংসাৰ বাবে অসম আৰু মিজোৰাম চৰকাৰে গঠন কৰিব কমিটী৷ দুয়োখন ৰাজ্যই দুখন কমিটী গঠন কৰি আলোচনাৰ ভিত্তিত সীমা বিবাদ বিবাদ নিষ্পত্তিৰ বাবে কমিটী দুখনে চেষ্টা চলাব৷

নতুন দিল্লীত শুকুৰবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷

বৈঠকত দুয়োজন মুখ্যমন্ত্রীয়ে ৰাজ্য দুখনৰ মাজত শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। সীমা বিবাদ মীমাংসাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে দুখন উচচ পর্যায়ৰ কমিটী গঠন কৰাৰ সিদ্ধান্ত লয়।

Also Read: Sharbat Gula তালিবানৰ সন্ত্ৰাস! দেশ এৰিলে বিশ্বৰ পৰিচিত সেউজীয়া চকুৰ সেই আফগান নাৰীয়ে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়ে যে প্রয়োজন হ’লে প্রস্তাৱিত কমিটীত বিৰোধী দলৰ প্রতিনিধিও ৰখা হ’ব। তদুপৰি, এই কমিটীত কাক কাক অন্তর্ভুক্ত কৰা হ’ব সেয়া ৰাজ্য দুখনে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব৷

ভৱিষ্যতে প্রয়োজন হ’লে মুখ্যমন্ত্রী পর্যায়ত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  

Also Read: Protest against Price hike মূল্যবৃদ্ধিৰ বিৰুদ্ধে টাইয়াৰ জ্বলাই পথ অৱৰোধৰে জাগুনত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে হস্তক্ষেপত ৰাজ্য দুখনৰ মাজত চলি থকা দীর্ঘদিনীয়া সীমা বিবাদ মীমাংসাৰ বাবে নতুন দিল্লীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ এই বৈঠক অনুষ্ঠিত হয়।