NORTHEAST NOW (Assamese)
অসম

চিকিৎসকক শাস্তি প্ৰদানৰ দাবীত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আশাকৰ্মীৰ বিক্ষোভ

Posted by: পুলেন্দ্ৰ দাস September 17, 2018 4:40 pm
1eb11031-83c7-4fa7-a839-abc72326dd5b

সততে বিতৰ্কৰ মাজত সোমাই পৰা বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত এইবাৰ চিকিৎসকে আশা কৰ্মীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আশা কৰ্মীক প্ৰহাৰ কৰা চিকিৎসকৰ শাস্তিৰ দাবীত আজি চিকিৎসা মহাবিদ্যালয় হাস্পতাল  প্ৰাংগনত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে আশা কৰ্মী য়ুনিয়নে।

আজি দিনৰ ১২ বজাত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আশা কৰ্মীসকলে “আশাকৰ্মীৰ ওপৰত আক্ৰমণ কৰা চিকিৎসক ডাঃ মনিদ্বীপা ৰয়ক শাস্তি দিয়ক, আশা কৰ্মীক সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰক, আশা কৰ্মীসকলক ন্যায় প্ৰদান কৰক” আদি শ্লোগান দি চিকিৎসালয় চৌহদৰ পৰিৱেশ উত্তাল কৰি তোলে।

বিক্ষোভ কাৰ্যসূচীৰ অন্তত আশা কৰ্মী য়ুনিয়নে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত উল্লেখ কৰে যে, ১৫ আৰু ১৬ ছেপ্তেম্বৰত চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত অৱস্থাত থকা আশাকৰ্মী ক্ৰমে ৰৌশনাৰা আহমেদ আৰু সহৰভানুক চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক ডাঃ মনিদ্বীপা ৰয় আৰু তেখেতৰ সহযোগীয়ে প্ৰহাৰ কৰে।

চিকিৎসকে আশাকৰ্মীৰ ওপৰত কৰা এনে আক্ৰমণৰ দৰে ঘটনাৰ উচিত শাস্তি প্ৰদানৰ দাবীত আজি আশা কৰ্মী য়ুনিয়নে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।