NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰত বনৰীয়া হাতীৰ বাবে পাতি থোৱা বৈদ্যুতিক তাঁৰত লাগি বনৰক্ষীৰ মৃত্যু

Posted by: মনিমালা বৰা September 17, 2018 4:47 pm
Dead Forest guard

ৰাজ্যত দিনক দিনে হাতী মানুহৰ সংঘাট বৃদ্ধি পাই অহাৰ সময়তে কালি নিশা শোণিতপুৰ জিলাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত বৈদ্যুতিক তাঁৰত লাগি এজন বনৰক্ষীৰ মৃত্যু হয়।

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বাৰমাইলত সংঘটিত উক্ত ঘটনাত বনৰীয়া হাতীৰ প্ৰৱেশত বাধা দিবলৈ গাঁওবাসীয়ে ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ বীৰেন চন্দ্ৰ ডেকা নামৰ বনৰক্ষী গৰাকী মৃত্যুমুখত পৰে।

প্ৰাপ্ত তথ্য মতে, বনৰক্ষী বীৰেন চন্দ্ৰ ডেকাই বিভাগীয় কামকাজৰ বাবে নামেৰী বনবিভাগৰ কাৰ্য্যালয়লৈ অাহিছিল। পিছত নিশা পুনৰ বাৰমাইলৰ শিবিৰলৈ উভতি যোৱাৰ পথতে নিশাৰ আন্ধাৰত দেখা নাপাই গাওঁবাসীয়ে অবৈধভাবে হাতী খেদিবৰ বাবে লগোৱা বৈদ্যুতিক খুন্দা খাই মৃত্যুক আঁকোৱালি লয়।

বনৰীয়া হাতীৰ প্ৰৱেশত বাধা দিবলৈ ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰ

আনহাতে, ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা চাৰিদুৱাৰ অাৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

নিহত বীৰেনচন্দ্ৰ ডেকাৰ ঘৰ মঙলদৈ চহৰত। সৰ্তীৰ্থ সকলৰ পৰা জানিব পৰা মতে ৰুগ্ন স্বাস্থ্যৰ মাজেৰে ডেকাই অত্যন্ত নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছিল। ডেকাৰ এই আকস্মিক মৃত্যুত তেওঁৰ পৰিবাৰ আৰু দুটি কন্যা সন্তান অথাই সাগৰত পৰাৰ দৰে অৱস্থা হৈছে।

উল্লেখযোগ্য যে বনকৰ্মীৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’লে কৰ্ণাটক চৰকাৰৰ ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। তাৰ উপৰি বিভাগৰ ফালৰ পৰা জীৱন বীমাৰ পৰা পাই ১০ লাখ টকা, কিন্তু অসম চৰকাৰৰ এইক্ষেত্ৰত সুস্পষ্ট নীতি নথকাৰ বাবে নিহত বনকৰ্মী পৰিয়ালৰ বিলাই-বিপত্তি নোহোৱা হৈছে।

সেয়ে অসম চৰকাৰেও বিষয়টো গুৰুত্ব সহকাৰে লৈ এইক্ষেত্ৰত শীঘ্ৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি একাংশ বনকৰ্মীয়ে মন্তব্য কৰে।