NORTHEAST NOW (Assamese)
Popular Stories

অঞ্জু ববী জৰ্জলৈ ৱৰ্ল্ড এথলেটিকছৰ ‘ৱ’মেন অৱ ইয়েৰ এৱাৰ্ড’ সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2021 6:47 pm
Anju Bobby George

ভাৰতৰ প্ৰাক্তন লং জাম্প খেলুৱৈ তথা ২০০৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী অঞ্জু ববী জৰ্জক ‘ৱৰ্ল্ড এথলেটিকছ’- এ ‘ৱ’মেন অৱ ইয়েৰ এৱাৰ্ড’ সন্মানেৰে সন্মানিত কৰিছে।

দেশত নিৰন্তৰ পৰিৱৰ্তনৰ কণ্ঠস্বৰ আৰু যুৱতীসকলক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ পথ প্ৰদৰ্শন কৰাৰ বাবে জৰ্জক এই সন্মান আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে ৱৰ্ল্ড এথলেটিকছে।

ৱৰ্ল্ড এথলেটিকছে টুইটাৰত লিখিছে, “ৱৰ্ল্ড এথলেটিকছ বঁটাত এই বছৰৰ ৱ’মেন অফ দা ইয়েৰৰ মুকুট পৰিহিত অঞ্জু ববী জৰ্জক অভিনন্দন জনাইছো।ভাৰতত ক্ৰীড়াক আগুৱাই নিয়াৰ লগতে অধিক মহিলাক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ বাবে তেওঁৰ প্ৰচেষ্টাই তেওঁক এই বছৰৰ বঁটা প্ৰাপ্ত কৰ্তাতকৈ অধিক কৰি তুলিছে।”

 

আন এটা টুইটত ৱৰ্ল্ড এথলেটিকছে উল্লেখ কৰে, “ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় লং জাম্প তাৰকা গৰাকী এতিয়াও খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। ২০১৬ চনত অঞ্জুৱে যুৱতীসকলৰ বাবে এটা প্ৰশিক্ষণ একাডেমী মুকলি কৰে, যি ইতিমধ্যে বিশ্ব অনুৰ্ধ-20 পদক বিজয়ী প্ৰস্তুত কৰাত সহায় কৰিছে। লিংগ সমতাৰ বাবে এক নিৰন্তৰ কণ্ঠস্বৰ অঞ্জু ববী জৰ্জে স্কুলীয়া ছাত্ৰীসকলক খেলৰ জৰিয়তে ভৱিষ্যতৰ নেতৃত্বৰ পদবীৰ বাবে পৰামৰ্শ দিয়ে।”

এই সন্মান লাভ কৰাৰ পিছত অঞ্জু ববী জৰ্জে এক টুইট যোগে কয় যে তেওঁ ৱৰ্ল্ড এথলেটিকছৰ দ্বাৰা ৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰি সঁচাকৈয়ে অভিভূত আৰু সন্মানিত।’

“প্ৰতিদিনে সাৰ পাই খেললৈ ঘূৰি আহিব পৰাতকৈ ভাল অনুভৱ নাই, ই যুৱতীসকলক সক্ষম আৰু শক্তিশালী কৰিব পাৰে। মোৰ প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ বাবে আপোনালোকক ধন্যবাদ।” তেওঁ টুইটত কয়।