NORTHEAST NOW (Assamese)

চামগুৰি আছুৰ বাৰ্ষিক সাধাৰণ সভা; ৩১ জনীয়া সদস্যৰে নতুন সমিতি গঠন

November 15, 2018 7:33 am · বিদ্যুত জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰিত বুধবাৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ চামগুৰি আঞ্চলিক সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাতে ৩১ জনীয়া সদস্যৰে নতুনকৈ আঞ্চলিক সমিতিখন গঠন কৰা হয়।

জানিব পৰা মতে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ দুপৰীয়া ১ বজাত অনুষ্ঠিত মুকলি সভাত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ পূৰ্বৰ সভাপতি মানস জ্যোতি বৰাই ব্যক্তিগত কাৰণত সভাপতি পদৰ পৰা অব্যাহতি লয়।

ইয়াৰ ফলত পুৰণা সমিতিখন ভঙ্গ হৈ পৰাত পিছত বিয়লি ৩ বজাত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি ৩১ জনীয়া সদস্যৰে নতুনকৈ চামগুৰি আঞ্চলিক সমিতিখন গঠন কৰা হয়।

নতুন সমিতিখনৰ পৰা অপৰূপ শইকীয়া আৰু সঞ্জীৱ দেক জিলা কাৰ্যনিৰ্বাহকলৈ মনোনীত হোৱাৰ লগতে ভাস্কৰ জ্যোতি বৰাক চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সভাপতি আৰু জ্যোতিষ্মান বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় বুলি জানিব পৰা গৈছে।

কালিৰ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰন্তু শৰ্মা, নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সম্পাদক মুন্না শৰ্মাৰ লগতে ছাত্ৰ সন্থাৰ বহু কেইজন নেতা-কৰ্মী উপস্থিত আছিল।

Related News