NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ ২৭৯২ গৰাকী লোক ক’ৰ’না আক্ৰান্ত; মুঠ আক্ৰান্তৰ সংখ্যা ৭৯৬৬৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 11:24 pm
ৰাজ্যত পুনৰ ২৭৯২ গৰাকী লোক ক’ৰ’না আক্ৰান্ত; মুঠ আক্ৰান্তৰ সংখ্যা ৭৯৬৬৭ গৰাকীলৈ বৃদ্ধি

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ গতি এতিয়াও হ্ৰাস পোৱা নায়।

আজি অসমত পুনৰ ২৭৯২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

আজিৰ দিনটোত কৰা ৪৯৫১০ টা নমুনাৰ ভিতৰত ২৭৯২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

অসমত বৰ্তমানলৈ মুঠ ৭৯,৬৬৭ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে ৫৫,২১৫ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ৰাজ্যত ১৯৭ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আজি পুনৰ আঠ গৰাকী লোকে বিভিন্ন চিকিৎসালয়ত ক’ৰ’নাৰ স্বীকাৰ হৈ মৃত্যুক আঁকোৱালি লৈছে।

অসমত বৰ্তমান সময়ত ২৪,২৫২ গৰাকী সক্ৰিয় ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।