NORTHEAST NOW (Assamese)

অসমত পুনৰ এজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

April 28, 2020 1:08 pm · কল্পজ্যোতি শইকীয়া
Updated: April 28, 2020 3:41 pm
প্ৰতিনিধিত্বমূলক ফটো

অসমত পুনৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

বঙাইগাঁও জিলাৰ শালমৰাত ১৬ বছৰীয়া কিশোৰীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰ যোগে জনাইছে এই কথা।

অসমত এতিয়া ৩৬ জনলৈ বৃদ্ধি পালে  কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা।

আজি পজিটিভ ধৰা পৰা কিশোৰীগৰাকী নিজামুদ্দিন মাৰ্কাজৰ লগত সম্পৰ্ক থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।

তেওঁ কয় যে মাৰ্কাজত যোৱা লোকৰ সংস্পৰ্শলৈ আহিছিল এই  কিশোৰীগৰাকী।

ৰাজ্যখনত ইতিমধ্যে ২৭ জন লোকে  এই কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

আনহাতে,বৰ্তমান অসমত ৮ টা সক্ৰিয় পজিটিভ ঘটনা আছে।

ৰাজ্যখনত কোভিড-১৯ ত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে।

Related News