NORTHEAST NOW (Assamese)

শিৱসাগৰত চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা ৰূপ: বন্ধ হ’ল আন এখন চৰকাৰী বিদ্যালয়

August 31, 2022 11:12 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ

ৰাজ্যৰ শিক্ষা বিভাগৰ ব্যৰ্থতা উদঙাই দি শিৱসাগৰত বন্ধ হৈ পৰিছে ইখনৰ পাছত সিখন চৰকাৰী বিদ্যালয়। এইদৰে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হোৱাত উদ্বিগ্ন হৈ পৰিছে জিলাখনৰ সচেতন ৰাইজ।

চৰকাৰে প্ৰকাশ কৰা বন্ধ হ’বলগীয়াবিদ্যালয় তালিকাত নাম নাথাকিলেও ছাত্ৰ-ছাত্ৰীৰ অভাৱ, ব্যাপক অনিয়ম আদিৰ কাৰণত বন্ধ হ’ল শিৱসাগৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৪৫ নং বোকাবিল বৰপাত্ৰ নিম্ন প্ৰাৰ্থমিক বিদ্যালয়।

১৯৪৭ চনত স্থাপিত বিদ্যালয়খন বন্ধ হৈ যোৱাত স্থানীয় ৰাইজ সচকিত হৈ পৰাৰ লগতে প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ মইমতালি, দুৰ্নীতিৰ বাবেই এনে অৱস্থা হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে।

তদুপৰি বিদ্যালয় খন বন্ধ কৰি দিয়াত ছাত্ৰ ছাত্ৰী সকলক দূৰণিৰ আন আন স্কুলত ভৰ্তি কৰাবলগীয়া হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিভাৱক সকলে।

লগতে বিদ্যালয় খন বন্ধ হোৱাৰ কাৰণ আৰু বিদ্যালয়ত সংঘটিত হোৱা দুৰ্নীতি আদিৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Related News