NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত পুনৰ সেনাৰ বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰঃ অব্যাহত সংঘৰ্ষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2024 7:53 pm
Terrorists attack in Jammu Kashmir

জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাইছে সন্ত্ৰাসবাদীয়ে। আজি সন্ধিয়া উপত্যকাটোৰ পুঞ্চত সন্ত্ৰাসবাদীয়ে সেনাৰ বাহনত আক্ৰমণ চলায়।

সন্ত্ৰাসবাদীৰ এই অতৰ্কিত আক্ৰমণৰ পিছতে সেনাৰ দলটোৱেও প্ৰত্যাক্ৰমণ কৰি গুলীচালনা কৰে।

এই সংঘৰ্ষত এতিয়ালৈকে কোনো লোক আহত হোৱা বা মৃত্যুৰ খবৰ প্ৰকাশ পোৱা নাই। দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে।

বিগত কেইসপ্তাহমানৰ ভিতৰত জম্মু-কাশ্মীৰত সেনাবাহিনীৰ বাহনৰ ওপৰত এয়া দ্বিতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ।

ইতিপূৰ্বে বিগত বৰ্ষৰ ২১ ডিচেম্বৰত ৰাজৌৰীৰ ডেৰা কি গলিত এনে এক অনুৰূপ আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে।

এই আক্ৰমণত সেনাবাহিনীৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে আন পাঁচজন জোৱান আহত হৈছিল।

ৰাজৌৰীৰ সেই আক্ৰমণস্থলীৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত আজি সন্ধিয়া সংঘটিত হয় এই আক্ৰমণ।