NORTHEAST NOW (Assamese)

শিৱসাগৰত ব্যাপক কেব বিৰোধী প্ৰতিবাদ; ১৪৪ ধাৰা বলৱৎ

December 9, 2019 10:36 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই আজি শিৱসাগৰত আছু, কৃষক মুক্তি আৰু উজনি অসম মুছলিম কল্যান পৰিষদে বৃহৎ প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৱে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা এক বৃহৎ জোঁৰ সমদল উলিয়াই।

জোঁৰ সমদলৰ অন্তত চহৰৰ মুক্তিনাথ চাৰিআলিত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। আছুৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে বিধায়ক শিলাদিত্য দেবক কুলাংগাৰ আখ্যা দিয়ে।

বৰ্তমান ৰাজ্যৰ চৌদিশে প্ৰতিবাদ চলি থকা সময়ত বিতৰ্কিত বিধায়ক শিলাদিত্যই আন্দোলন কৰা মানুহখিনি বাংলাদেশী মুছলমান বুলি মন্তব্য কৰিছিল। তাৰে প্ৰত্যুতৰত আছু নেতা গৰাকীয়ে  সংবাদ মাধ্যমক শিলাদিত্যক বৰ্জন কৰিবলৈ আহ্বান জনায়।

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও চহৰৰ ষ্টেশ্যন চাৰিআলিৰ পৰা অৰ্ধ উলংগ হৈ সমগ্ৰ শিৱসাগৰ চহৰ পৰিভ্ৰমণ কৰি এক জোঁৰ সমদল বাহিৰ কৰে।

তদুপৰি উজনি অসম মুছলিম কল্যান পৰিষদে চহৰৰ দৰবাৰ ফিল্ড তিনিআলিৰ পৰা সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰি এক বৃহৎ জোঁৰ সমদল উলিয়াই।

‘বিজেপি গৌ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেব আমি নামানো, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’ আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে ব্যাপক ৰূপত চলি থকা এই আন্দেলনৰ মাজতে শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত আজিৰ পৰা ১৪৪ ধাৰা বলৱৎ কৰিছে।

Related News