NORTHEAST NOW (Assamese)
অসম

কোন গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে বিয়াত বহিব অনুষ্কা শেট্টি? চৰ্চাত ‘দেবসেনা’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2020 12:51 pm
anushka-shetty-jpg_710x400xt

বাহুবলী ছবিখনত দেবসেনাৰ ভূমিকাত অৱতীৰ্ণ হৈ জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী অনুষ্কা শেট্টিৰ ব্যক্তিগত জীৱনক লৈয়ো প্ৰায় সৰৱ চৰ্চা চলা দেখা যায়।

পূৰ্বতে অভিনেত্ৰীগৰাকীৰ নাম বাহুবলী ছবিৰ সহ অভিনেতা প্ৰভাসৰ সৈতে সাঙোৰ খাইছিল।

কিন্তু ২০১৯ত প্ৰভাসে কৰণ  জোহৰক দিয়া এক সাক্ষাৎকাৰত এই খৱৰ সম্পূৰ্ণ নস্যাৎ কৰে।

সম্প্ৰতি এক নতুন খৱৰ অনুসৰি অনুষ্কা শেট্টিৰ নাম এগৰাকী ক্ৰিকেটাৰৰ সৈতে সাঙোৰ খাই পৰিছে। আনকি দুয়োজনে বিয়া কৰোৱাৰ পৰ্যায়লৈকে খৱৰ বিয়পিছে।

Anushka-Shetty
ফটো: টুইটাৰৰ সৌজন্যত

বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে এতিয়া এগৰাকী ক্ৰিকেটাৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছে।

ক্ৰিকেটাৰ গৰাকীৰ নাম এতিয়াও সদৰী হোৱা নাই যদিও তেওঁ যে দক্ষিম ভাৰতৰ নহয়, উত্তৰ ভাৰতৰহে সেই কথা পোহৰলৈ আহিছে।

উল্লেখযোগ্য যে অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ পৰৱৰ্তী ছবিৰ কামত অত্যন্ত ব্যস্ত হৈ আছে। পৰৱৰ্তী ছবিত তেওঁক আৰ মাধৱনৰ বিপৰীতে নিশদ্ধম ছবিখনত দেখা যাব।

ছবিখনত অনুষ্কা শেট্টিয়ে এগৰাকী শিল্পীৰ ভূমিকাত অৱতীৰ্ণ হৈছে।

বৰ্তমান অনুষ্কা ছবিখনৰ প্ৰমোচনত ব্যস্ত আছে। ছচিয়েল মিডিয়াতো অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ সৈতে জড়িত পোষ্টাৰ তথা ভিডিঅ’ শ্বেয়াৰ কৰিছে।