NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশত আৰক্ষীৰ গুলীত নিহত দশম শ্ৰেণীৰ ছাত্ৰ : দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ দলে

March 2, 2024 9:41 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সমগ্ৰ দেশ জুৰি কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ দমন নীপিড়নৰ বিৰুদ্ধে আজি  প্ৰতিবাদ সাব্যস্ত কৰে। 

উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ চিলাইপুৰাৰ এখন পাৰ্কত থকা ভাৰতৰ সংবিধান প্ৰণেতা  বাবা চাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ সময়ত দশম শ্ৰেণীৰ পৰীক্ষা দি ঘুৰি আহোতে এজন ছাত্ৰই পুলিচৰ গুলীত মৃত্যুবৰণ কৰিবলগীয়া হয়। 

সুমেশ নামৰ ১৭ বছৰীয়া ছাত্ৰ জনৰ হত্যাৰ প্ৰতিবাদত নিখিল ভাৰত  কংগ্ৰেছ কমিটীৰ আহবানত অসমতো কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। 

অসম প্ৰদেশ কমিটীৰ অনুসূচীত জাতি বিভাগৰ উদ্যোগত এই প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী আজি ৰাজীৱ ভৱনত পালন কৰা হয়। 

উক্ত  কাৰ্য্যসূচীত বিভাগটোৰ অধ্যক্ষা কৃষ্ণা দাসৰ নেতৃত্বত অংশ গ্ৰহণ কৰা নেতৃবৰ্গৰ মাজত আছিল প্ৰাক্তন  সাংসদ বলীন কুলি ,ভৱেশ দাস,আৰফান আলি হাজৰিকা ৰাজা দাস , ৱাৰ ৰুমৰ অধ্যক্ষ মেহদী আলম বৰা, হেমন্ত অধিকাৰী , ৰশ্মি দাস অঞ্জনা বণিয়া, মানৱ হাজৰিকা ,গীতালি দাস ,ধৰম চান্দ জৈন ,ৰমেন শৰ্মা ৰীণা বেগ, ৰশান্ত মজুমদাৰ আলটাফ হুছেইন আদি। 

Related News