NORTHEAST NOW (Assamese)

অসম প্ৰদেশ কংগ্ৰেছ মহিলা মৰ্চাৰ জিলা সাধাৰণ সম্পাদিকা আৰু ওদালগুৰি জিলা কংগ্ৰেছৰ মুখপাত্ৰৰ পদত্যাগ

August 20, 2019 8:29 am · এন ই নাও নিউজ
পাৰ্বতী কুৰ্মী। উৎস-ইণ্টাৰনেট

অসম প্রদেশ কংগ্রেছত অব্যাহত আছে পদত্যাগৰ ঢৌ। জেষ্ঠ কংগ্ৰেছী নেতা, সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতা, সাংসদ শান্তিয়াছ কুজুৰ আদিয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত সোমবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাৰ জিলা সাধাৰণ সম্পাদিকা পাৰ্বতী কুৰ্মীয়ে।

উল্লেখযোগ্য যে, পাৰ্বতী কুৰ্মী ওদালগুৰি জিলা মজদুৰ কংগ্ৰেছৰ উপসভানেত্ৰী আৰু ভেৰগাঁও ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছিল।

চাহ জনগোষ্ঠীৰ প্ৰতিনিধি পাৰ্বতী কুৰ্মীয়ে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিশৃংখলতাৰ বাবেই দলৰ পৰা পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে, কুৰ্মীৰ লগতে ওদালগুৰি জিলা কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰবিৰাম বড়োয়ো দলৰ পৰা পদত্যাগ কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুত বৰদলৈ আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দলৰ পৰা পদত্যাগ কৰা সকলৰ বাবে কংগ্ৰেছৰ কোনো ক্ষতি হোৱা নাই বুলি উল্লেখ কৰিলেও স্বাভাৱিকতে কংগ্ৰেছত অব্যাহত থকা খহনীয়াই দলটোক ক্ষতিগ্ৰস্ত কৰিব।

Related News