NORTHEAST NOW (Assamese)

অৱশেষত ৰঙাঘৰৰ আলহী হ’ল নিলম্বিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত

September 12, 2023 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 12, 2023 6:28 pm

তিনিদিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত মঙলবাৰে নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ অদালতত হাজিৰ কৰোৱা হৈছিল শুভলক্ষ্মী দত্তক।

ইয়াৰ পিছতেই নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে ১০ দিনৰ ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰে শুভলক্ষ্মী দত্তক।

শুভলক্ষ্মী দত্তই জামিন আবেদন জনাইছিল যদিও এই আবেদন নাকচ কৰে মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে। 

অহা ২২ ছেপ্তেম্বৰত পুনৰ নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোওৱা হ’ব শুভলক্ষ্মী দত্তক।

আজি বিয়লি আদালতৰ পৰা শিৱসাগৰ কাৰাগাৰলৈ অনা হয় শুভলক্ষ্মী দত্তক। 

উল্লেখযোগ্য যে ভুক্তভোগী অনিমা প্ৰজাৰ এজাহাৰৰ ভিত্তিত নাজিৰা আৰক্ষী চকীৰ ৩৬/২৩ নং গোচৰ ৰুজু কৰা হৈছিল। 

ভাৰতীয় দণ্ডবিধি আইন৩২৪/৩৪২/৩০৭/৩২৬/৫০৬ ধাৰাৰ অধীনত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শুভলক্ষ্মী দত্তক।

Related News