NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সুসজ্জিত ৰে’লেৰে ৰাছিয়াত উপস্থিত কিম জং উন; পুটিনৰ সৈতে কৰিব পাৰে অস্ত্ৰ চুক্তি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2023 5:12 pm

ৰাছিয়াত উপস্থিত হৈছেগৈ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন। অস্ত্ৰ চুক্তিৰ জল্পনা-কল্পনাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হ’বলগীয়া এক সন্মিলনৰ এদিনৰ পূৰ্বে মঙলবাৰে ৰাছিয়াত উপস্থিত হয় উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। 

আমেৰিকাই দাবী কৰা অনুসৰি ৰাছিয়া আৰু উত্তৰ কোৰিয়াই দুই ৰাষ্ট্ৰপ্ৰধান লগ হৈ বিশেষ অস্ত্ৰ-শস্ত্ৰৰ চুক্তি স্বাক্ষৰ কৰিব।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, দেওবাৰে বিয়লি দলৰ শীৰ্ষ বিষয়া আৰু সশস্ত্ৰ বাহিনীৰ সৈতে পিয়ংইয়াঙৰ পৰা এখন সু-সজ্জিত ৰে’লেৰে ৰাছিয়ালৈ ৰাওনা হয় কিম জং উন। দেশখনৰ সুদূৰ পূব অঞ্চলৰ প্ৰিম’ৰস্কি ক্ৰাইৰ মাজেৰে উত্তৰ দিশলৈ যাত্ৰা কৰি মঙলবাৰে পুৱাই ৰাছিয়াত প্ৰৱেশ কৰে কিমৰ ৰে’ল।

ইফালে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ জেওন হা-কিউৱে কয় যে উত্তৰ কোৰিয়া আৰু ৰাছিয়াই অস্ত্ৰ চুক্তি আৰু প্ৰযুক্তি হস্তান্তৰৰ আলোচনা আগবঢ়াই নিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ৰাছিয়াক গোলাবাৰুদ আৰু অস্ত্ৰ-শস্ত্ৰৰ অতি প্ৰয়োজন। আনহাতে, পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচীক লৈ বছৰ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ সন্মুখীন হোৱা উত্তৰ কোৰিয়াত এতিয়া নগদ ধন আৰু খাদ্যৰ পৰা আৰম্ভ কৰি মিছাইল প্ৰযুক্তিলৈকে সকলোৰে অভাৱ হৈছে বুলি চিএনএনে প্ৰকাশ কৰিছে।

অৱশ্যে ৰাছিয়া বা উত্তৰ কোৰিয়াই এতিয়ালৈকে দুই ৰাষ্ট্ৰপ্ৰধান লগ হোৱাৰ এজেণ্ডা উল্লেখ কৰা নাই।

বিশেষজ্ঞসকলে কয় যে মস্কোৱে উত্তৰ কোৰিয়াৰ পৰা আৰ্টিলাৰী শ্বেল আৰু এণ্টিটেংক মিছাইল বিচৰাৰ সম্ভাৱনা আছে, ইয়াৰ বিনিময়ত উন্নত উপগ্ৰহ আৰু পাৰমাণৱিক চাবমেৰিন প্ৰযুক্তি বিচাৰিব পাৰে উত্তৰ কোৰিয়াই।

আনহাতে, যোৱা সপ্তাহত হোৱাইট হাউছে সকীয়াই দিছিল যে ইউক্ৰেইনক আক্ৰমণৰ বাবে ৰাছিয়াক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিলে উত্তৰ কোৰিয়াই তাৰ মূল্য ভৰিবলৈ সাজু হ’ব লাগিব। 

উল্লেখ্য যে ৰাছিয়া ভ্ৰমণেই হৈছে কোভিড মহামাৰীৰ পিছত কিম জঙৰ প্ৰথম বিদেশ ভ্ৰমণ। কিয়নো মহামাৰীৰ সময়ত উত্তৰ কোৰিয়াৰ সীমান্ত ছীল কৰি দিয়া হৈছিল।

লগতে পঢ়কঃ ঘূৰ্ণীবতাহ ডেনিয়েলৰ মাৰাত্মক প্ৰভাৱ; লিবিয়াৰ এখন চহৰতে ২০০০ লোকৰ মৃত্যুৰ আশংকা