NORTHEAST NOW (Assamese)

নতুন শপতনামা লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ত এ পি ডব্লিউ ||এন আৰ চি

September 17, 2019 9:05 pm · এন ই নাও নিউজ
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

অসমৰ এন আৰ চি সম্পৰ্কীয় গোচৰটোৰ গুচৰীয়া আছাম পাব্লিক ৱৰ্কছে বিষয়টো সন্দৰ্ভত বুধবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ত নতুন শপতনামা দাখিল কৰিব।

প্ৰকাশিত এন আৰ চিত অসন্তুষ্ট সংস্থাটোৱে শপতনামাখনৰ জৰিয়তে পঞ্জীখনৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী উত্থাপন কৰিব।

“আমি এন আৰ চিৰ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী জনাইছো,” এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই মঙলবাৰে নৰ্থইষ্ট নাওক জনায়।

এন আৰ চিৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ “নিষ্ঠা”ত প্ৰশ্ন তুলি শৰ্মাই পুনৰীক্ষণ প্ৰক্ৰিয়াটো এক “ন্যায়িক গোট”ৰ দ্বাৰা কৰোৱাৰ বাবে দাবী জনাইছে।

এন আৰ চিত “জিহাদি”ৰ নাম সোমোৱাকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াটোত উত্থাপিত “বিসংগতি”ৰ অভিযোগসমূহ আৰু খৰচৰ তদন্ত কৰোৱাৰ বাবেও সংস্থাটোৱে দাবী জনাইছে।

শৰ্মাই এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এন আই এ, চি বি আই আৰু ই দিৰ জৰিয়তে তদন্তৰ দাবী উত্থাপন কৰিছে।

“চৰকাৰ আবণ্টিত পুঁজি (প্ৰায় ১৬০০ কোটি টকা)ৰ ব্যয়ৰ সঠিক সত্যাসত্য নিৰূপণ কৰাৰ বাবে– কিছু ব্যক্তিয়ে হেৰফেৰ আৰু দুৰ্নীতি কৰিছে নেকি– আমি দাবী জনাইছো, আৰু ইয়াৰ তদন্ত এনফ’ৰ্চমেণ্ট ডিৰেক্তৰে’টৰদ্বাৰা হ’ব লাগে,” শৰ্মাই কয়।

আনহাতে, প্ৰক্ৰিয়াটো বিষয়া বাচনিৰ প্ৰক্ৰিয়াটো স্বচ্ছ আছিল নে নাই, আউটচ’ৰ্চ কৰা কাম-কাজ সঠিকভাৱে হৈছেলেনে নাই, আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া পইচা সঠিকভাৱে ব্যয় হৈছেলেনে নাই তাৰ তদন্ত আমি চি বি আইৰ দ্বাৰা হোৱাটো বিচাৰিছো, শৰ্মাই কয়।

Related News