NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

ৰুগ্ন সম্পৰ্ক ভগ্ন হৃদয়! বিচ্ছেদ এ আৰ ৰহমানৰ ২৯ বছৰীয়া সংসাৰত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 20, 2024 12:46 pm

সামাজিক মাধ্যমত পত্নী ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে সংগীত শিল্পী এ আৰ ৰহমানে। পোষ্টটো দেখি স্তম্ভিত হৈ পৰিছে ৰহমানৰ অনুৰাগীসকল। আৱেগিক দূৰত্বৰ বাবে দম্পতীহালে বিচ্ছেদৰ সিদ্ধান্ত লোৱা বুলি জনাইছে ৰহমানে।

ৰহমানে এক্স হেণ্ডেলত লিখিছে, “আশাকৰোঁ আমি একেলগে ৩০ বছৰীয়া বিবাহিত জীৱনৰ অন্ত পেলাম। আচলতে আমাৰ কোনোৱেই সম্পৰ্কটো সঠিকভাৱে পৰিচালিত কৰিব পৰা নাছিলোঁ। এতিয়া এই খণ্ডিত সম্পৰ্কটোৰ অৰ্থ বিচাৰিলে হয়তো আমি কেৱল খণ্ডবোৰহে পাম। তথাপিও এই যন্ত্ৰণাৰ মাজতো আমি জীৱনৰ অৰ্থ বিচাৰিবলৈ চেষ্টা কৰিম। এই ভগ্ন হৃদয়খন কেতিয়াবা মেৰামতি হ’ব নে নাই নাজানো। গতিকে মই মোৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি মোৰ বন্ধুলৈকে সকলোকে কৈছো, অনুগ্ৰহ কৰি এই কথাটোক সন্মান কৰক যে আমি বৰ্তমান এই ভগ্ন সম্পৰ্কৰ মাজেৰে পাৰ হৈছো। আশাকৰোঁ আপোনালোকে আমাৰ গোপনীয়তাক সন্মান কৰিব।”

ইফালে ছাইৰা বানুৱে কয় যে এই সিদ্ধান্ত লোৱাটো তেওঁৰ বাবে সহজ নাছিল যদিও বহু কষ্টৰ অন্তত এই সিদ্ধান্ত লৈছে। ছাইৰা বানুৱে গোপনীয়তা ৰক্ষা কৰিবলৈ সকলোকে অনুৰোধ জনাইছে।

১৯৯৫ চনত ছাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল এ আৰ ৰহমান। তেওঁলোকৰ তিনিটা সন্তান আছে।

ৰহমানে লিখিছে, ‘বিবাহৰ বহু বছৰৰ পাছত আমি পৃথকে থাকিবলৈ সিদ্ধান্ত লৈছো। আমাৰ দুয়োৰে কোনোৱেই সম্পৰ্কটোক আৰু আগুৱাই নিয়াৰ সিদ্ধান্ত ল’ব পৰা নাই। আমি জানো যে আমি দুয়োজনে বহুত কষ্টৰ মাজেৰে পাৰ হৈছো। ইয়াৰ পিছতো কষ্ট হ’ব। কিন্তু এই বিচ্ছেদ আমাৰ দুয়োৰে বাবে ভাল।’