NORTHEAST NOW (Assamese)
অসম

পোন্ধৰ বছৰৰ প্ৰেমৰ অন্তত ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2024 1:02 pm

বিবাহ বন্ধনত আৱদ্ধ হ’বলৈ আগবাঢ়িছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশে। বিগত ১৫ বছৰ ধৰি ব্যৱসায়ী এণ্টনি থাটিলৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত গোৱাত বিবাহপাশত আৱদ্ধ হ’ব কীৰ্তি-এন্টিনিয়ে। পৰিয়ালৰ সদস্য, আত্মীয় আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত কীৰ্তিয়ে বিয়া বহিব।

লগতে পঢ়কঃ বৃদ্ধস্য তৰুণী ভার্যা! ৬২ বছৰীয়া বিধায়কে বিয়া কৰালে ২৫ বছৰীয়া যুৱতীক

অহা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বিবাহৰ অনুষ্ঠান। তিনিদিন ধৰি চলিব। এন্টনি পেছা সূত্ৰে ডুবাইত থাকে। উদ্যোগৰ জল্পনা-কল্পনা অনুসৰি বিয়াৰ পিছত কীৰ্তিয়ে ডুবাইলৈ গুচি যাব।

বাতৰি অনুসৰি, স্কুলত পঢ়ি থকাৰ সময়তে তেওঁলোকৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। সেই বন্ধুত্ব পিছলৈ প্ৰেমলৈ পৰিণত হ’ল।

সূত্ৰ অনুসৰি থালাপতি বিজয়, চিৰঞ্জীৱী, আটলী, নানীৰ দৰে দক্ষিণৰ তাৰকা কীৰ্তিৰ বিয়াত উপস্থিত থাকিব। ইয়াৰ উপৰিও বলীউডৰ বৰুণ ধাৱনেও বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ ৰুগ্ন সম্পৰ্ক ভগ্ন হৃদয়! বিচ্ছেদ এ আৰ ৰহমানৰ ২৯ বছৰীয়া সংসাৰত

শেহতীয়াকৈ ‘বেবী জন’ ছবিখনত দেখা গৈছিল কীৰ্তিক। বৰুণৰ লগত তেওঁৰ বন্ধুত্ব সেই সূত্ৰেই গঢ় লৈ উঠিছিল।