কন্যাসম তৰুণীক বিয়া কৰালে ৬২ বছৰীয়া বৃদ্ধ বিধায়কে। বিহাৰত সংঘটিত হৈছে এই ঘটনা। এই বিবাহে এতিয়া সৰ্বত্ৰে লাভ কৰিছে চৰ্চা।
বিহাৰৰ জে ডি ইউৰ এজন প্ৰাক্তন বিধায়কে পাতিছে বিয়া।
ৰাজ্যখনৰ সমষ্টিপুৰ জিলাৰ বিভূতিপুৰ সমষ্টিৰ জে ডি ইউৰ প্ৰাক্তন বিধায়ক ৰামবালক সিঙে কন্যাসম যুৱতীক বিয়া কৰাই চৰ্চালৈ আহিছে।
বেগুচৰাই জিলাৰ গড়পুৰাস্থিত হৰিগিৰিধামত প্রাক্তন বিধায়কজনৰ বিয়াখন সম্পন্ন হৈ যায়। বিয়াখনত যথেষ্ট লোক উপস্থিত থাকে।
উল্লেখ্য যে এয়া প্ৰাক্তন বিধায়কগৰাকীৰ দ্বিতীয় বিবাহ। পূৰ্বেও বিয়া কৰাইছিল বিধায়ক ৰামবালক সিঙে।
ৰবীনা কুমাৰৰ
জানিব পৰা মতে, ৬২ বছৰীয়া প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ২৫ বছৰীয়া যুৱতীগৰাকীৰ নাম ৰবীনা কুমাৰ।





