NORTHEAST NOW (Assamese)
অসম

বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ আৰণ্যকৰ স্নিফাৰ ডগ প্ৰদান

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 11, 2019 7:54 pm
K- 90

গঁড় হত্যা প্ৰতিৰোধ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাত সহায়ক হোৱাৰ বাবে আজি দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ এক উচ্চ প্ৰশিক্ষিত কুকুৰ প্ৰদান কৰে।

বেলজিয়াম মলিনয়জ প্ৰজাতিৰ এই উচ্চ প্ৰশিক্ষিত কুকুৰটোক আজি আনুষ্ঠানিক ভাৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত প্ৰদান কৰে সংগঠনটোৰ নেতৃবৃন্দই।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী ড৹ বিভৱ কুমাৰ তালুকদাৰে মঙলদৈ বন সংমণ্ডলৰ ডি এফ অ ৰমেশ গগৈক কে-৯ আঁচনিৰ অধীনত বেলজিয়াম মেলিনয়জ কুকুৰটো প্ৰদান কৰে।

অনুষ্ঠানত বনাঞ্চলিক বিষয়া ৰঞ্জন বৰুৱা, আৰণ্যকৰ মানস কুমাৰ ভট্টাচাৰ্য, গৌড় বৈদ্য আৰু বিটুমনি লহকৰৰ লগতে অনান্য বন বিষয়াও উপস্থিত থাকে।

ইয়াৰ উপৰি আৰণ্যকৰ উদ্যোগতে বন্যপ্ৰাণী সুৰক্ষাত সহায়ক হোৱাকৈ দৰং জিলা আৰক্ষীক দুখনকৈ মটৰ চাইকেলো প্ৰদান কৰা হয়। আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰৰ উপস্থিতিত এই দুখন মটৰ চাইকেল দৰং জিলা আৰক্ষীক প্ৰদান কৰা হয়।

দৰং আৰক্ষীৰ হৈ বিপুল হাজৰিকা আৰু শৰৎ কলিতাই আৰণ্যকৰ পৰা মটৰ চাইকেল দুখন গ্ৰহন কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সংগঠন ডেভিড চেফাৰ্ড ফাউণ্ডেশ্যনৰ সহযোগিতাত আৰণ্যকে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশিক্ষিত কুকুৰটোৰ প্ৰতিপালনো কৰিব।

‘ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বহুদিনীয়া এটা অভাৱ আজি আৰণ্যকে পূৰণ কৰিলে। স্নিফাৰ ডগৰ সহায়ত এতিয়া আমি অধিক সফলতাৰে বন্যপ্ৰাণীৰ নিৰাপত্তা প্ৰদান কৰিব পাৰিম’। ডি এফ অ ৰঞ্জন গগৈয়ে এইদৰে কয়।