NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ কৃত্ৰিম অংগদান আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰৰ সামৰণি

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও June 6, 2022 8:01 pm

মাৰোৱাৰী যুৱ মঞ্চৰ বঙাইগাঁও শাখাৰ উদ্যোগত মাৰোৱাৰী যুৱ মঞ্চ সেৱা ভৱনত এক বিনামূলীয়া কৃত্ৰিম অংগদান আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰৰ আয়োজন কৰা হয় ৷

এই শিবিৰত নাম পঞ্জীয়ন কৰা মুঠ ১৪২ জন ব্যক্তিৰ ভিতৰত কাৰিকৰী দলৰ পৰা যথাযথ প্ৰক্ৰিয়াৰ পিছত শিশুকে ধৰি ১০৫ জন ব্যক্তিক কৃত্ৰিম অংগ আৰু কেলিপাৰ বিতৰণ কৰা হয় ৷

এই উদ্দেশ্যে দেওবাৰে শিবিৰৰ সামৰণি অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক আৰু বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ কুমাৰ দাস অতিথি হিচাপে উপস্থিত থাকে ৷ মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি মনীষ লখোটীয়াই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত আমন্ত্ৰিত অতিথিসকলে ভাষণ প্ৰদান কৰে।

উপাযুক্ত নবদ্বীপ পাঠক আৰু পৌৰসভাৰ সভাপতি সুবোধ কুমাৰ দাসে মাৰোৱাৰী যুৱ মঞ্চৰ কাম-কাজৰ শলাগ লয় আৰু মাৰোৱাৰী যুৱ মঞ্চৰ আগন্তুক প্ৰকল্পৰ বাবে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত মাৰোৱাৰী সন্মিলনীী অধ্যক্ষ প্ৰেম হৰলালকা, মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰাদেশিক উপাধ্যক্ষ সৰ্জিৎ সিং ভাৰী, মঞ্চৰ স্থায়ী আমন্ত্ৰিত সদস্য নিৰ্মল বৈদ, আহ্বায়ক গোবিন্দ আগৰৱালা, সহ আহ্বায়ক অংকিত বাজাজ আদি উপস্থিত থাকে ৷

শাখাৰ যুটীয়া সম্পাদক ধীৰাজ শৰ্মাই আঁতধৰা অনুষ্ঠানত সাংবাদিক গোপাল হৰলালকাইও বক্তব্য ৰাখে ৷ শেষত শাখাৰ সম্পাদক মুকুল জৈনে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। এই শিবিৰটো তিনি জুনৰ পৰা আৰম্ভ হৈছিল ৷ উল্লেখ্য যে সামৰণি অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উপস্থিতসকলক একোডালকৈ গছপুলিও বিতৰণ কৰা হয় ৷