NORTHEAST NOW (Assamese)
অসম

কোভিড হটস্পটত পৰিণত কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠান, ৫০ জন অতিথি কোভিড আক্ৰান্ত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 6, 2022 8:08 pm
কোভিড হটস্পটত পৰিণত কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠান, ৫০ জন অতিথি কোভিড আক্ৰান্ত

চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত উপস্থিত থাকি কোভিডত আক্ৰান্ত হ’ল ৫০ জনকৈ লোক।

২৫ মে’ত কৰণ জোহৰৰ ৫০ সংখ্যক জন্মদিনৰ অনুষ্ঠানত বলীউডৰ বহু শিল্পী উপস্থিত আছিল।

তেওঁলোকৰ মাজৰে ৫০ জন অতিথিয় কোভিডত আক্ৰান্ত হোৱা বুলি খবৰ ওলাইছে।

উক্ত অনুষ্ঠানত শ্বাহৰুখ খান, কৰীণা কাপুৰ খান আৰু হৃত্বিক ৰোশনৰ লগতে বলীউডৰ বহু তাৰকা উপস্থিত আছিল।

বলীউড হাঙ্গামাৰ মতে, ভাইৰাছটো সংক্ৰমিত হোৱা সকলৰ তালিকা এতিয়াও ৰাজহুৱা হোৱা নাই যদিও জানিব পৰা গৈছে যে ইয়াত বলীউডৰ কেইবাজনো প্ৰখ্যাত তাৰকা অন্তৰ্ভুক্ত আছে।

পৰ্টেলটোৱে আনকি এটা সূত্ৰৰ উদ্ধৃতি দি কয় যে “বলীউডৰ চলচ্চিত্ৰ উদ্যোগৰ কৰণৰ ঘনিষ্ঠ বন্ধুসকল পাৰ্টিৰ পিছত কোভিড সংক্ৰমিত হৈছে আৰু তেওঁলোকৰ কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ পোৱা গৈছে।”

কৰণৰ পাৰ্টিত উপস্থিত নথকা অভিনেতা কাৰ্তিক আৰিয়ান কোভিডত আক্ৰান্ত হৈছে।
তেওঁ এগৰাকী অভিনেত্ৰীৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে।