NORTHEAST NOW (Assamese)

দেৱালত চিত্ৰ অংকন অপৰাধ নেকি? অখিল গগৈৰ চিত্ৰ অংকন কৰি আটক চিত্ৰশিল্পী

November 19, 2020 2:23 pm · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও

অখিল গগৈৰ মুক্তিৰ দাবীত গুৱাহাটীৰ বশিষ্ঠৰ এখন দেৱালত ছবি আঁকি থকা অৱস্থাত ধ্ৰুৱজিৎ, প্ৰাঞ্জল কলিতা আৰু ৰাহুল নামৰ চিত্ৰকৰ তথা ছাত্ৰ মুক্তিৰ সদস্যক  আটক কৰে বশিষ্ঠ আৰক্ষীয়ে।

দেৱালত এখন ছবি আঁকি প্ৰতিবাদ কৰাটোও এতিয়া অপৰাধ হ’ল নেকি বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

পুৱাৰে পৰা অখিল গগৈক আৰক্ষীয়ে চলোৱা অত্যাচাৰ শীৰ্ষক প্ৰতিচ্ছবি অংকন কৰি আছিল কেইগৰাকীমান ছাত্ৰ অৱস্থাৰ চিত্ৰকৰে।

অংগৰাগ-Art collective স্বেচ্ছাসেৱী সংগঠনে বশিষ্ঠস্থিত নিধি ভৱনৰ সন্মুখত অখিল গগৈৰ ছবি অংকন কৰি আছিল।

ইপিনে,সৰ্বানন্দ সোণোৱালৰ ফেচিষ্ট চৰকাৰক সকলোৱে ধিক্কাৰ দিয়ে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনতিবিলম্বে আটাইকেইজন যুৱকক মুক্তি দিবৰ বাবে দাবী জনায়।

Related News