NORTHEAST NOW (Assamese)

অৰুণাচলৰ নামটকত এন এচ চি এন( আই এম)ৰ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পন

October 8, 2020 4:48 pm · মানস প্ৰতিম গগৈ
Updated: October 8, 2020 4:57 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সীমামূৰীয়া অৰুণাচল প্রদেশৰ চাংলং জিলাৰ নামটক আৰক্ষী থানাত এন.এচ.চি এন (আই. এম)ৰ এজন দুৰ্ধষ কেডাৰ আত্মসমৰ্পন কৰাৰ বাতৰি পোৱা গৈছে ।

প্রাপ্ত তথ্য অনুসৰি চাংলাং জিলাৰ নামটক আৰক্ষী থানাৰ অন্তৰ্গত ফাংচু গাওঁৰ  ফাৱং নাংপা(৩০) নামৰ নগা উগ্ৰপন্থী সংগঠন এন.এচ.চি.এন( আই এম)ৰ কেডাৰ জনে নামটক আৰক্ষী থানাত কালি আত্মসমৰ্পন কৰে।

  অৰুণাচলত এন.এচ.চি এন (আই. এম)ৰ  গতি বিধি বৃদ্ধি পোৱাৰ সময়তে এনেদৰে সংগঠনটোৰ  সদস্যই  আত্মসমৰ্পন কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Related News