NORTHEAST NOW (Assamese)

টিৰাপত আৰক্ষীৰ জালত এন এছ চি এন (আই এম)ৰ সদস্য

October 18, 2019 7:43 pm · মানস প্ৰতিম গগৈ

অৰুণাচল প্ৰদেশ আৰক্ষী আৰু ভাৰতীয় সেনাই আজি এক যুটীয়া অভিযান চলাই অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নতুন দৈডামৰ পৰা এন এছ চি এন (আই এম)ৰ এগৰাকী লিংকমেনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন নগা উগ্ৰপন্থী সংগঠনৰ সদস্যজনক টিৰাপ জিলাৰ দেওমালিৰ কেনা পেংটক (১৯) বুলি জানিব পৰা গৈছে।

সম্প্ৰতি অৰুণাচল আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন এন এছ চি এন (আই এম)ৰ সদস্য কেনা পেংটকক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও উগ্ৰপন্থী সংগঠনে অৰুণাচল প্ৰদেশৰ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ ম্যানমাৰত সামৰিক প্ৰশিক্ষণ তথা অন্যান্য কুচকাৱাজ চলোৱাৰ বাবে এই পথ ব্যৱহাৰ কৰি আহিছে বুলি চোৰাং চোৱাৰ এক সূত্ৰত প্ৰকাশ।

Related News