Home › দেশ ২০০৭চনৰ গোচৰৰ উদ্ধৃতিৰে কেজৰিৱালৰ ব্যক্তিগত সহায়কক বৰ্খাস্ত April 11, 2024 2:17 pm · কাৰাবন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কুমাৰৰ বিৰুদ্ধে চৰকাৰী কামত বাধা দিয়াৰ অভিযোগ উত্থাপন হোৱা গোচৰৰ উদ্ধৃতি দি ভিজিলেন্স বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। ভিজিলেঞ্চ বিভাগে বিভৱ কুমাৰৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰক এই চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আঁৰৰ কাৰণ বুলি উল্লেখ কৰে।উল্লেখ্য যে, ২০০৭ চনত নয়দাৰ উন্নয়ন কৰ্তৃপক্ষৰ এক পদবীত থকা মহেশ পালে এই গোচৰ ৰুজু কৰিছিল। ইয়াত অভিযোগ কৰা হৈছে যে বিভৱ কুমাৰে আন তিনিজনৰ সৈতে অভিযোগকাৰী আৰু এজন কৰ্মচাৰীক নিজৰ কৰ্তব্য পালন কৰাত বাধা দিছিল। ইফালে প্ৰশ্নৰ উদয় হৈছে যে, বিভৱ কুমাৰ আৰু এই গোচৰৰ আন এজন অভিযুক্ত অৰ্থাৎ ৰাজীৱ কুমাৰক গ্ৰেপ্তাৰ নকৰাকৈয়ে বৰ্তমান বিচাৰধীন হৈ থকা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত অভিযোগনামা দাখিল কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। তদুপৰি বিভৱ কুমাৰৰ নিযুক্তিৰ পূৰ্বে বিচাৰাধীন অপৰাধমূলক গোচৰ সন্দৰ্ভত বেকগ্ৰাউণ্ড চেক কৰা হোৱা নাছিল বুলি ভিজিলেন্স বিভাগে জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা ৮ এপ্ৰিলত দিল্লী সুৰা নীতিৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে বিভৱ কুমাৰক জেৰা কৰাৰ পাছতে বিভৱ কুমাৰক পদৰ পৰা অপসাৰণ কৰা হয়। ইডিৰ বিষয়াসকলে জনোৱা মতে, বিভৱ কুমাৰৰ বক্তব্য ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ বিধানৰ অধীনত লিপিবদ্ধ কৰা হৈছে। ‹ ইজৰাইলৰ বিমান আক্ৰমণত নিহত হামাছৰ মুৰব্বীৰ তিনি… ক’লৈ যাব? চলিত আই পি এল শেষ… › Related Newsলখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁওJuly 30, 2026 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী ২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!July 30, 2026 7:56 pm · এন ই নাও নিউজ, গুৱাহাটী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন : চিলিং খহি পৰি চাৰিজন ৰোগী আহতJuly 30, 2026 7:27 pm · এন ই নাও নিউজ, গুৱাহাটীনিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?July 30, 2026 6:46 pm · এন ই নাও নিউজ, গুৱাহাটী বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলেJuly 30, 2026 6:40 pm · এন ই নাও নিউজ, গুৱাহাটী