NORTHEAST NOW (Assamese)

ইটোৰ পিছত সিটো সফলতা ‘অস্মিতা’ৰ; এইবাৰ জিনিলে ছিনিয়ৰ ৰেংকিং বেডমিণ্টনৰ খিতাপ

December 16, 2018 9:18 am · এন ই নাও নিউজ

এটাৰ পাছত আন এটা সফলতা অৰ্জনেৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে ১৯ বছৰীয়া প্রতিভাৱান বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই। চলিত মাহৰ আৰম্ভণিতে মুম্বাইত অনুষ্ঠিত হোৱা টাটা অ’পেন আন্তৰ্জাতিক চেলেঞ্জত শ্ৰেষ্ঠত্ব অৰ্জন কৰা অস্মিতাই পুনৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত খিতাপ দখল কৰিবলৈ সক্ষম হয়।

১০-১৫ ডিচেম্বৰলৈ বেংগালুৰুত অনুষ্ঠিত হোৱা য়ুনেক্স ছানৰাইজ সৰ্বভাৰতীয় ছিনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ অস্মিতাই ছিংগলছ শাখাত চেম্পিয়নৰ অধিকাৰী হয়। অস্মিতাই ফাইনেলত এয়াৰ ইণ্ডিয়াৰ আক্ৰশি কাশ্যপক ২১-১৪, ২১-১০ ছেটত সহজে পৰাস্ত কৰে।

উল্লেখ্য যে চলিত বছৰত অস্মিতাৰ এয়া একেৰাহে তৃতীয়টো খিতাপ। ইয়াৰ পূৰ্বে তেওঁ দুটা আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি প্ৰতিভাৱান শ্বাটলাৰ অস্মিতাই ২০১৮ত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰে বহুতো খিতাপ দখল কৰাৰ লগতে ভাৰতৰ বেডমিণ্টনৰ এগৰাকী চাঞ্চল্য সৃষ্টিকাৰী শ্বাটলাৰ হিচাপে ইতিমধ্যে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছে।

Related News