NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী অসম ভূমি সুৰক্ষা মহাসভাৰ

Posted by: এন ই নাও নিউজ September 8, 2018 2:40 pm
aa7cccb6-0180-4ca0-8451-e33c938dd32e

অসমৰ সকলো পিচপৰা শ্ৰেণীৰ ভূমি সুৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনাইছে অসম ভূমি সুৰক্ষা মহাসভাই। শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলযোগে এই দাবী উত্থাপন কৰে মহাসভাৰ সভাপতি কৃষ্ণ কান্ত মহন্তই।

তেওঁ কয়, “অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায় অনুসৰি অসমৰ পিচপৰা শ্ৰেণীৰ ভূমি সংৰক্ষণৰ কথা কোৱা হৈছে যদিও কেৱল এই সংৰক্ষণ জনজাতীয় অঞ্চলসমুহত সীমিত আছে। ইয়াৰ সম্প্ৰসাৰণ হ’ব লাগে।”

তেওঁ এই আইনৰ অধীনত সমগ্ৰ অসমৰ সকলো পিচপৰা জাতি-জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ভূমিক সামৰি লোৱাৰ দাবী জনায়।

ইয়াৰ উপৰিও অসম চৰকাৰে গঠন কৰি দিয়া ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী কৰে সভাপতি মহন্তই।

সংবাদমেলত মহাসভাৰ সাধাৰণ সম্পাদক ড০ দুৰ্লভ চমুৱাই কয়, “চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান বাদ দি অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ আৰু ১৯৪৭ ৰ জৰিয়তে ট্ৰাইবেল বেল্টৰ উপৰিও পিচপৰা শ্ৰেণীৰ ভূমি সুৰক্ষাৰ বাবে বেল্ট আৰু ব্লকৰ ব্যৱস্থা কৰক। তেতিয়াহে অসমৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ’ব।‘’

সংবাদ মেলত অসম ভূমি সুৰক্ষা মহাসভাই খিলঞ্জীয়াৰ ভূমি বহিৰাগতই কিনা-বেচা কৰিব নোৱাৰা ব্যৱস্থা কৰাৰো দাবী জনায়।