NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ আকোলাত যোগেন্দ্ৰ যাদৱৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা অসম নাগৰিক সমাজৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2024 11:38 am

মহাৰাষ্ট্ৰৰ আকোলাত যোগেন্দ্ৰ যাদৱৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে  অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে। এক গোহাৰি যোগে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু ভাৰত জোড়ো অভিযান, অসমৰ আহ্বায়ক পৰেশ মালাকাৰে যোগেন্দ্ৰ যাদৱৰ ওপৰত হোৱা আক্ৰমণক সকলোৱে একেমুখে গৰিহণা দিয়াৰ আহ্বান জনাইছে।

উল্লেখ্য যে সোমবাৰে বিয়লি মহাৰাষ্ট্ৰৰ আকোলাত ভাৰত জোড়ো অভিযানৰ এখন সভাত প্ৰকাশ আম্বেদকাৰ গোটৰ একাংশ দুস্কৃতিকাৰীয়ে হুলস্থূল সৃষ্টি কৰে। সভাখনত পুৰুষ-মহিলা সহ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰিছিল আৰু সভাৰ কাম নিয়াৰিকৈ চলি আছিল। কিন্তু,যেই যোগেন্দ্ৰ যাদৱে কথা ক’বলৈ উঠিল এজন লোকে তেওঁৰ মাইকটো কাঢ়ি নিলে আৰু আন ভালেমান লোকে সভাত এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে।

সময়মতে আৰক্ষী আহি যাদৱ আৰু তেওঁৰ আন সতীৰ্থসকলক তাৰ পৰা লৈ নোযাৱা হ’লে পৰিস্থিতি হয়তো বেয়াৰ ফালে ঢাল খালেহেঁতেন৷

গোহাৰিত সকলোকে আহ্বান জনাই কোৱা হৈছে, ‘’আমি এই গুণ্ডামিক কঠোৰ ভাষাৰে গৰিহণা দিওঁ আৰু মহাৰাষ্ট্ৰ আৰক্ষীক ইয়াৰ লগত জড়িত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি  তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা ল’বলৈ দাবী জনাওঁ। ই মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এক নিৰ্লজ্জ আক্ৰমণ। আমি সকলোৱে একমুখে ইয়াৰ নিন্দা কৰা উচিত।‘’  

লগতে গোহাৰিত কোৱা হয় যে ভাৰত জোড়ো অভিযানে সাংবিধানিক প্ৰমূল্যৰ সুৰক্ষা আৰু আৰু দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ স্বতন্ত্ৰতাৰ বাবে অবিৰতভাৱে কাম কৰি যাব আৰু এনে কাপুৰুষালিয়ে কেতিয়াও আমাক তাৰ পৰা বিৰত কৰিব নোৱাৰে।