NORTHEAST NOW (Assamese)
অসম

অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে আজি গুৱাহাটীত ৰাজহুৱা সভাৰ আয়োজন অসম নাগৰিক সমাজৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2023 9:08 am
অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে আজি গুৱাহাটীত ৰাজহুৱা সভাৰ আয়োজন অসম নাগৰিক সমাজৰ

মণিপুৰৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত গোষ্ঠী সংঘৰ্ষৰ অৱসান ঘটাই শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনাবলৈ আজি গুৱাহাটীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰিছে অসম নাগৰিক সমাজে।

অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে জানিবলৈ দিয়ে যে আজি (মঙলবাৰে) বিয়লি ৪ বজাত গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এই ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। সভাখনত ৰাজ্যখনত হিংসাৰ বলি দুয়োটা জনগোষ্ঠীৰ লোক উপস্থিত থাকিব।

নাগৰিক সমাজৰ এক বিবৃতিত কোৱা হৈছে, ‘’বিগত তিনিমাহ ধৰি চুবুৰীয়া ৰাজ্য মণিপুৰ অশান্ত হৈ আছে। বৰ্তমানো ৰাজ্যখনত এক আতংকময় পৰিস্থিতি বিৰাজমান। মণিপুৰৰ এনে হিংসাত্মক পৰিস্থিতিত আমি অতিশয় চিন্তিত।‘’

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি হিংসা বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে মেইটেই আৰু কুকি দুয়োটা সম্প্ৰদায়ক তেওঁলোকৰ মাজত শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাবলৈ এই ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে।

উক্ত সভাত সকলো শান্তিকামী নাগৰিক আৰু সংবাদ কৰ্মীক উপস্থিত থাকি সমাজলৈ শান্তিবাৰ্তা প্ৰেৰণ কৰাত সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।