NORTHEAST NOW (Assamese)

হিজবুল মুজাহিদীনৰে সম্পৰ্ক থকাৰ সন্দেহত আটক কৰা ৩ জনক মুকলি

September 23, 2018 11:22 pm · এন ই নাও নিউজ
Updated: September 23, 2018 11:23 pm
হিজবুল মুজাহিদীন সদস্য কামাৰ উজ জামান। ফাইল ছবি।

হিজবুল মুজাহিদীনৰ সৈতে সৈতে সম্পৰ্কৰ অভিযোগত বৰপেটাত আটক কৰা যুৱক ৩জনক মুকলি কৰি দিছে অসম আৰক্ষীয়ে।

আৰক্ষী সূত্ৰৰ মতে নচিৰুজ জামান, হেমন্ত ডেকা আৰু আজহাৰ আলী নামৰ যুৱক তিনিজনক শনিবাৰে ৰাতি বৰপেটাত আটক কৰাৰ পিছত হোজাই জিলাৰ ডবকা আৰক্ষী থানালৈ লৈ যোৱা হৈছিল। থানাখনত ৩ ঘণ্টাৰ সোধ-পোচৰ পিছত তেওঁলোকক যাবলৈ দিয়া হয়।

হিজবুলৰে সৈতে সম্পৰ্ক থকাৰ সন্দেহত যোৱা ১০ দিনত অসমত ৭গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য অসম কামাৰ উজ জামান নামৰ যুৱকজনক উত্তৰ প্ৰদেশ সন্ত্ৰাসবিৰোধী স্কুৱাদে কাণপুৰত আটক কৰাৰ পিছতে অসম আৰক্ষীৰ সৈতে যুটীয়া অভিযান অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে যুৱককেইজনক মুকলি কৰি দিয়াৰ পূৰ্বে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আটকাধীন যুৱককেইজনৰ পৰা ‘বিস্ফোৰক তথ্য’ পোৱা বুলি গুৱাহাটীত সাংবাদিকৰ আগত মন্তব্য কৰিছিল।

যুৱক তিনিজনক থানাত জেৰা চলাই থকা হৈছে। হিজবুল মুজাহিদিন সম্পৰ্কে তেওঁলোকৰ পৰা জেৰাত যথেষ্ঠ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে,শইকীয়াৰ মন্তব্য।

Related News