NORTHEAST NOW (Assamese)

দুৰ্দান্ত গতিৰে একেৰাহে চতুৰ্থটো সোণ অৰ্জন অসম কন্যা হিমাৰ

July 18, 2019 8:08 am · এন ই নাও নিউজ
হিমা দাসৰ ফাইল ফটো।

নিজৰ দুৰ্দান্ত গতি অক্ষুণ্ণ ৰাখি একেলেঠাৰিয়ে চতুৰ্থটো সোণৰ পদক অৰ্জন কৰিলে অসম কন্যা হিমা দাসে। বুধবাৰে চেক গণৰাজ্যত অনুষ্ঠিত টাবৰ এথলেটিকছ মীটৰ মহিলাৰ ২০০ মিটাৰ দৈৰত এই সফলতা লাভ কৰে।

‘আজি ২০০ মিটাৰত আকৌ এটা সোণ জিকিলো আৰু টাবৰ গি পিত মোৰ টাইমিং ২৩.২৫ চেকেণ্ডলৈ উন্নত কৰিলো’ প্ৰতিযোগিতা জিকি এইদৰে টুইট কৰে হিমাই।

উল্লেখযোগ্য যে যোৱা ১৩ জুলাইত চেক ৰিপাব্লিকৰ ‘ক্লাডন’ মেম’ৰিয়েল এথলেটিকছ মীট’ত তৃতীয়টো সোণৰ পদক লাভ কৰা হিমাই ২৩.৪৩ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থানত ৰ’বলৈ সক্ষম হৈছিল।

কালিৰ উক্ত বিজয়ৰ সৈতে দুটাসপ্তাহৰ ভিতৰত অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে চাৰিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

২ জুলাইত পোলেণ্ডত অনুষ্ঠিত ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ ২০০ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিছিল হিমা দাসে। উক্ত প্ৰতিযোগিতাত তেওঁ ২৩.৬৫ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰে।

ইয়াৰ পিছত ৭ জুলাইত পুনৰ পোলেণ্ডৰ কুটন’ এথলেটিকছ মিট আৰু ১৩ জুলাইত ক্লাডন’ এথলেটিকছ মিটত ক্ৰমে ২৩.৯৭ চেকেণ্ড আৰু ২৩.৪৩ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি প্ৰথম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

Related News