NORTHEAST NOW (Assamese)

Cyclone Jawad: আহি আছে ‘জাৱাদ’ ঘুৰ্ণীবতাহ; কেনে প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত?

December 4, 2021 9:05 am · এন ই নাও নিউজ, গুৱাহাটী

Cyclone Jawad আন্দামান দীপপুঞ্জৰ দূৰৱৰ্তী স্থানত উৎপত্তি হোৱা গভীৰ নিম্নচাপ ‘জাৱাদ’ ঘুৰ্ণীবতাহলৈ ৰূপান্তৰিত হৈছে। ৫ ডিচেম্বৰৰ পুৱা অথৱা বিয়লিৰ পিনে উৰিষ্যাৰ উপকূললৈ আহি পৰিব জাৱাদ। ইয়াৰ প্ৰভাৱ পৰিব অসমতো।

অৱশ্যে, উৰিষ্যা বা পশ্চিমবংগৰ দৰে ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত। তথাপি কিছু সতৰ্কতা গ্ৰহণৰ প্ৰয়োজনীয়তা সদৰী কৰিছে বতৰ বিজ্ঞানীসকলে।

‘জাৱাদ’ ঘুৰ্ণীবতাহৰ প্ৰভাৱত অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত শীত আচাৰি পৰাৰ সম্ভাৱনা আছে। উত্তৰ পূৰ্বাঞ্চল আন ৰাজ্যসমূহতো ‘জাৱাদ’ৰ অনুৰূপ প্ৰভাৱ পৰিব পাৰে। 

বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি ‘জাৱাদ’ৰ বাবে ৪ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈকে অসমকে ধৰি মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বৃষ্টিপাতৰ সম্ভাৱনা আছে।  

Also Read: গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান; বন্ধ কৰি দিলে দুখনকৈ ডীলাৰ

অসমত ৭ ডিচেম্বৰলৈকে অসমৰ বিভিন্ন স্থানত ধাৰাসাৰ বৃষ্টিপাত হ’ব পাৰে। সেইদৰে ৫ ডিচেম্বৰত অসমৰ উপৰি মেঘালয়,  নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বৃষ্টিপাত হ’ব।

’জাৱাদ’ৰ ফলত ইতিমধ্যে উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন স্থানত বৃষ্টিপাত আৰম্ভ হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি পশ্চিম মধ্য বংগোপসাগৰৰ ওপৰত এই জাৱাদ ঘুৰ্ণীবতাহ অৱস্থান কৰিছে। বিশাখাপট্টমৰ দক্ষিণ পূব অংশৰ পৰা ২৫০ কিলোমিটাৰ আৰু দক্ষিণ তথা দক্ষিণ পশ্চিম পাৰাদ্বীপৰ পৰা ৫১০ কিলোমিটাৰ দূৰত অৱস্থান কৰিছে ‘জাৱাদ’।  

Also Read: পাকিস্তানৰ প্ৰদূষিত বায়ুৰ প্ৰভাৱত দিল্লীৰ বায়ু প্ৰদূষণ! উচ্চতম ন্যায়ালয়ত আজৱ দাবী উত্তৰ প্ৰদেশ চৰকাৰৰ

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে আজি পুৱাই এই ঘুৰ্ণীবতাহ উত্তৰ আৰু উত্তৰ পশ্চিম দিশে গতি কৰিব। উৰিষ্যা উপকূল হৈ ৫ ডিচেম্বৰ দেওবাৰে ‘জাৱাদ’ পুৰীৰ উপকূলত প্ৰৱেশ কৰিব।       

Related News